Guwahati JB Law College Principal suspended:
মহানগৰীৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মালবিকা তালুকদাৰক কৰা হৈছে নিলম্বন । একেদৰে নিলম্বন কৰা হয় প্ৰেকটিকেল ক’ৰ্ছ ক’ৰ্ডিনেটৰ ৰঞ্জন জ্যোতি দাস আৰু গাণনিক প্ৰদীপ বেজবৰুৱাক ৷
স্মতৰ্ৱ্য যে,মহাবিদ্যালয় খনত সংঘটিত হোৱা কে’বা কোটি টকীয়া বিত্তীয় কেলেংকাৰী পোহৰলৈ অহাৰ পিছত কেলেংকাৰীৰ তদন্তৰ বাবে মহাবিদ্যালয় পৰিচালনা কমিটিয়ে গঠন কৰে এক পাঁচজনীয়া কমিটি ৷ এই কমিটিয়ে সমগ্ৰ বিত্তীয় দিশটো তন্নতন্নকৈ পৰীক্ষা কৰাৰ অন্তত ব্যাপক আসোঁৱাহ ধৰা পেলাই ম৷ পোহৰলৈ আহে কেলেংকাৰীৰ সমগ্ৰ ঘটনাটো ৷
পাঁচজনীয়া কমিটিয়ে ৬৭ পৃষ্ঠাজোৰা প্ৰতিবেদন পৰিচালনা কমিটিৰ ওচৰত দাখিল কৰে ৷ পৰৱৰ্তী সময়ত মহাবিদ্যালয় পৰিচালনা কমিটিৰ জৰুৰী বৈঠকত অধ্যক্ষা সহ আন দুই কৰ্মচাৰীৰ নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
সেই অনুসৰি শণিবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মালবিকা তালুকদাৰ সহ আন তিনি কৰ্মচাৰীক তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে ৷ মনকৰিবলগীয়া যে,অধ্যক্ষা সহ আন তিনিও কৰ্মচাৰীয়ে বিগত ২০১৯ ৰ পৰা চলিতবৰ্ষৰ ভিতৰত সংঘটিত কৰিছিল বিয়াগোম বিত্তীয় কেলেংকাৰী |