Wild elephants infestation in Tamulpur:তামুলপুৰৰ বিভিন্ন প্ৰান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

বিঘাই বিঘাই পকা ধান খায় তহিলং, কৃষকৰ মাজত হাহাকাৰ

tamulpur 1

Wild elephants infestation in Tamulpur:

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ হাতী-মানুহৰ সংঘাতে তামুলপুৰ জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱে নিদ্ৰাহৰণ কৰি স্থানীয় ৰাইজৰ ৷ বিগত কে’বাদিন ধৰি তামুলপুৰ জিলাৰ হাতীডুবা, শান্তিপুৰ,আঙাৰকাটা,পলাশবাৰী,চেঁচাপানী,বালাহাটী,পলোকাটা ,বৰ্কাজুলী, শিৰিছঘুটু, বৰভেৰা, কান্দুলীমাৰা ,শিমলুবাৰী আদি অঞ্চলত বনৰীয়া হাতীৰ জাকে প্ৰবেশ কৰি উপদ্ৰৱ চলাই বিঘাই বিঘাই পকা ধান,পাচলি খেতি খায় তহিলং কৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে শ শ তামোল গছ ভাঙি তহিলং কৰিছে ৷

বনৰীয়া হাতীয়ে ধাৰাবাহিক ভাৱে উপদ্ৰৱ চলাই কৃষক সকলে বাৰিষা হাড় ভঙা পৰিশ্ৰম কৰি মুৰৰ ঘাম মাটিত পেলায় কৰা বিঘাই বিঘাই পকাধান খায় নষ্ট কৰা়ত খেতিয়ক সকলৰ মাজত হাহাকাৰ লাগিছে ৷ আনহাতে কোনো দিনে বনৰীয়া হাতীয়ে প্ৰবেশ নকৰা অঞ্চলতো হাতী প্ৰবেশ কৰি উপদ্ৰৱ চলোৱাত আতংকি়ত হৈ পৰিছে স্থানীয় লোক সকল ৷ কোনো দিনে বনৰীয়া হাতীৰ সন্মুখিন নোহোৱা স্থানীয় ৰাইজে নিশা জুই জলাই,ফটকা ফূটাই,মটৰ চাইকেলৰ লাইট জলাই হাতীৰ জাক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও হাতীৰ জাক খেদিবলৈ সক্ষম হোৱা নাই ৷

ইপিনে নিশা পকা ধান খায় পুৱা জনাঞ্চলৰ মাজেৰে হাতীৰ জাক পাৰ হৈ যোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ একমাত্ৰ কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়া কৃষক সকলে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই পকা ধান খায় তহিলং কৰাত ক্ষতি গ্ৰস্ত লোক সকলে বন বিভাগ তথা চৰকাৰ উপযুক্ত ক্ষতি পূৰন দিবলৈ দাবী জনাইছে ৷ ইপিনে ৰাতি আহিলেই হাতী অহাৰ শংকাত আতংকি়ত হৈ থকা স্থানীয় লোক সকলে বন বিভাগক বনৰীয়া হাতীৰ জাক পাহাৰৰ নিৰ্দিষ্ট স্থানত খেদি পঠিয়াওৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিগত বহু দিন ধৰি তামুলপুৰ জিলাৰ বিভিন্ন স্থানত অৱস্থান কৰি উপদ্ৰৱ চলাই মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিঘাই বিঘাই পকা ধান, পাচলি খেতি খায় তহিলং কৰি আহিছে ৷

Exit mobile version