Bimal Bora:
আজি দুপৰীয়া নগাঁৱৰ পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত আহত হয় দুই বাইক আৰোহী। সেই সময়তে সেই পথেদি নগাঁৱৰ পৰা চামগুৰিলৈ আহি আছিল উদ্যোগ মন্ত্রী বিমল বৰা ৷
এই ঘটনা প্ৰত্যক্ষ কৰি নিজৰ গাড়ীৰ পৰা নামি আহি দুৰ্ঘটনাত আহত ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়াই মন্ত্ৰী গৰাকী ৷ তেওঁ আহত ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ উদ্যোগ লয় ।