Horoscope:ৰাশিফল
মেষ : মধ্যম যোগাযোগ। বন্ধু-বান্ধৱৰ পৰা উৎসাহ পাব। কোনো মাংগলিক কর্মত কোনোৱে ব্যস্ত হৈ পৰিব পাৰে। আপুনি ভৱিষ্যতৰ আঁচনি প্ৰস্তুত কৰাৰ কথা ভাবক। দাম্পত্যত সাধাৰণ উৎকণ্ঠা।
বৃষ: শৰীৰ মন ভালেৰে ৰখাৰ যত্ন কৰক। অনাহক বা হকেই হওক ধৈর্য্য ধৰি সমস্যা নিয়ন্ত্ৰণ কৰক। আর্থিকত অলপ চিন্তা থাকিব। ঘৰুরা লোকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব।
মিথুন: কর্মস্থানত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্তও হ’ব নালাগে। দুটা-এটা যুক্তিপূর্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব। খৰচ-পাতি বৃদ্ধিৰ কাৰক। দাম্পত্যত মধ্যম। বিদ্যাত ভয় কম।
কর্কট: আর্থিক উন্নতিৰ সুযোগ। কোনো অৰ্থকৰী দিশত যোগাযোগ কৰি উৎসাহিত হ’বও পাবে। পাৰিপার্শ্বিক লৈ বেছি চিন্তা নকৰিব। সন্তান, দাম্পত্য, কর্মাদিত সাধাৰণ ক্লেশ। ঘৰুৱাত মধ্যম।
সিংহ: প্রায় শুভ দিন। কিন্তু জীৱনত গুৰু দুর্বল থাকিলে প্রাপ্য সুযোগৰ পৰা সামান্য হ’লেও নিৰাশ হ’ব। সামগ্রিকভাৱে আপুনি বিভিন্ন যোগাযোগত উৎসাহ পাব। বিদ্যাত মন দিলে সুনাম হ’ব।
কন্যা: মনোজ্ঞ কথাৰ বাবে আনন্দিত হ’ব। কর্মস্থানত বেয়া নহ’ব। কোনো স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পাছত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। পঢ়া-শুনাত মন দিয়ক।
তুলা: তুলনামূলকভাবে বিচিত্র যোগাযোগ হ’ব পাৰে। তাৰ ভিতৰত অনুকুলৰ মাত্রা বেছি। ব্যৱসায়িক দিশত মন্থৰতা থাকিব। প্ৰেমত শুভ। দাম্পত্যত অসুস্থ। বিদ্যাত গতানুগতিক।
বৃশ্চিক: আইন সম্পর্কীয় কামত বেছি মনোযোগ নিদিব। কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক। ঘৰুৱা মধ্যম। পাৰিলে দৰকাৰী কৰো বোলা কাম সমাধানৰ চেষ্টা কৰক। বিদ্যাত শুভ।
ধনু: আর্থিকত মোটামুটি। তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও সচেতন থাকক। বিদ্যাত বেয়া নহ’ব। দাম্পত্যত মধ্যম। আৱেগিক কলাৰ সংযোগ। ঘৰুৱাত গতানুগতিক।
মকৰ: ভাবি-গুণী কামত আগুৱাওক। সহজতে আনৰ কথাক বিশ্বাস নকৰিব। ভুল-সংবাদত অনুগামী হ’লে ক্ষতি। বিদ্যাত অৱশ্যে বেয়া নহ’ব। ব্যবসায়-বাণিজ্যত মজলীয়া ফল। দাম্পত্যত শুভ। আমোদৰ আশা।
কুম্ভ: কর্মস্থানত জটিলতা কম পাব। হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰে চলিব পাৰিব। সন্তানৰ কথাত সাধাৰণ উদ্বেগ। ভ্রমণত সতর্ক হওক। প্রেমত আন্তৰিকতা।
মীন: প্রিয় সংগৰ স’তে আনন্দ লাভ। কিন্তু মাত্রাধিকত সাৱধান। বিদ্যাদিত যাতে ব্যাঘাত নঘটে। সন্তানৰ কর্মাদিত আনন্দ প্রাপ্তি। দক্ষতাৰ বাবে সুনাম। কিন্তু শৰীৰ আৰু শত্ৰুৰ আমনি থাকিব।