Rabha Hasong Autonomous Council :ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অনুদান বিতৰণ সভা। ১১০০ হিতাধিকাৰীক বিভিন্ন সামগ্ৰী বিতৰণ

rabha image

Rabha Hasong Autonomous Council :

আজি বিশ্ব বিশ্ৰুত শিল্পী ভাৰতৰত্ন প্ৰয়াত ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। এই পবিত্ৰ দিনটোতে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অনুদানেৰে প্ৰায় এঘাৰ শ বিভিন্ন হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে। ২৭নং বকো ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ অধীনস্থ হিতাধিকাৰী সকলৰ মাজত এই বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হয়।

এই অনুদান বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য সুমিত ৰাভাই। ৰাভা হাছং পৰিষদৰ বকো পৰিষদীয় সমষ্টিৰ মণিটৰিং সমিতিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰীয়ে আত ধৰা অনুস্থানটোত টিনপাত, চাইকেল, ষ্প্ৰে মেচিন, বিচনাৰ সামগ্ৰী, সুতা আৰু খেলৰ সামগ্ৰী বিতৰণ কৰে।

অনুদান বিতৰণী সভাত বৃহত্তৰ অঞ্চলটোৰ জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন দ’ল সংগঠনৰ নেতৃবৃন্দই উপস্থিত থাকে। অনুদান বিতৰণ কৰাৰ আগমুহুৰ্তত সুধাকন্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতাই।

Exit mobile version