Five ACS officers suspended:ৰাজ্যৰ পাঁচ এচিএছ বিষয়াক নিলম্বন

নিৰ্বাচনী নিৰ্দেশ অমান্য কৰাৰ অভিযোগত নিলম্বন

janata bhawan oo

Five ACS officers suspended:

ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ পাঁচ গৰাকী এচিএচ বিষয়াক নিলম্বন কৰে ৷ নিৰ্বাচনী নিৰ্দেশ অমান্য কৰাৰ অভিযোগত নিলম্বন কৰে ৰাজ্য প্ৰশাসনে ৷ নিলম্বিত বিষয়া কেই গৰাকী হ’ল পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকা,কাব্যশ্রী দিহিঙীয়া আৰু কংকনজ্যোতি শইকীয়া ৷

উল্লেখ্য যে,আটাইকেইজন এচিএছ বিষয়াক নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছিল যদিও যোগদান কৰা নাছিল নিজ কৰ্তব্যত ৷ আনহাতে বিষয়া কেই গৰাকীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বিভাগীয় তদন্তৰ নিৰ্দেশনাও জাৰি কৰিছে ৷

Exit mobile version