Horoscope:ৰাশিফল
মেষ: নিজ কামত কৃতকাৰ্যতাৰ কাৰক। নিজৰ প্ৰতি নিষ্ঠা বাঢ়িব। দাম্পত্যত নিৰাশ হোৱাৰ যোগ। বিদ্যাত মনোযোগ। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাৱধান। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১।
বৃষ: আর্থিকত অনুকুল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন দ্রব্য ক্রয় কৰিব পাৰে। বিদ্যাত একো বাধা নাই। নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মিথুন: আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়। কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।
কর্কট: ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি। আর্থিক আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
সিংহ: শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। বাহিৰলৈ যোৱাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
কন্যা: ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব। শাৰীৰিক সামান্য উন্নত। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্রেমত বেয়া দেখা নাযায়। শুভ ৰং বগা। শুভ সংখ্যা ২।
তুলা: আর্থিকত কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত। আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল। দাম্পত্যত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা 81
বৃশ্চিক: সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলি-মেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।
ধনুঃ আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ। কর্মজীৱনৰ আৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা। সামাজিক কামত খ্যাতি লাভ। শাৰীৰিক শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৮।
মকৰ : বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিব পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
কুম্ভ: ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্রত বাধাৰ মাজেদি সফলতা পাবঙ্গ শৰীৰৰ প্ৰতি চিন্তা কৰাটো দৰকাৰ। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ১।
মীন: কর্মক্ষেত্রত যোগ্যতা বজায় ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সখী হ’ব। আর্থিক দিশত সতর্ক হওক। ভ্রমণ পাৰিলে স্থগিত ৰাখক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।