State will soon connect rivers and reservoirs to control floods:বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত অচিৰেই সংযোগ কৰা হ’ব নৈ-জলাশয়

চিনাক্ত কৰা হৈছে ২৭১টা জলাশয়, ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব নৈ-জলাশয়সমূহৰ সংযোগীকৰণ প্রক্রিয়া, ব্যয়ৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে ৩৮০.৬০ কোটি টকা

assam flood

State will soon connect rivers and reservoirs to control floods:

ৰাজ্যৰ সঘনাই হৈ থকা বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে লৈছে এক দীৰ্ঘম্যাদি পদক্ষেপ ৷ বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত অচিৰেই নৈ-জলাশয় সংযোগী কৰণৰ এক প্ৰকল্প হাতত হৈছে চৰকাৰে ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰিছে মাষ্টাৰ প্লেন

প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে ইয়াৰ বাবে ৰাজ্যৰ ২৭১টা জলাশয় চিনাক্ত কৰিছে ৷ প্রথম পর্যায়ত ৮ খন নৈৰে সংযোগ কৰিব ৯ জলাশয় ৷ তালিকাভুক্ত বিল সমূহৰ যোৰহাটৰ বৰচলা বিল,ডিব্ৰুগড়ৰ মাইজান বিল সংযোগ হ’ব মহাবাহু ব্ৰহ্মপুত্ৰৰে

একেদৰে তেজপুৰৰ মৰাভৰলু নৈৰে সংযোগ হ’ব মৰাভৰলী জলাশয় ৷ মাজুলীৰ টুনী নৈৰে সংযোগ হ’ব ভকতি বিল৷ কামৰূপৰ গ্ৰাম্য জিলাৰ পুঠিমাৰী নৈৰে সংযোগ কৰা হ’ব হাজোৰ গর্জন বিল ৷ গোলাঘাটৰ দৈয়াং নৈৰে সংযোগ হ’ব জিলা খনৰ আমগুৰিৰ বাচাপথাৰ বিল,ধনশিৰি নৈৰে সংযোগ হ’ব বৰপাক বিল৷যোৰহাটৰ দৰিকামাৰী বিল সংযোগ কৰা হ’ব ভোগদৈ নৈৰে ৷ আনহাতে মৰিগাঁও জিলাৰ মৰিছুটিটুপ জলাশয় সংযোগ কৰা হ’ব পকৰীয়া নৈৰে ৷

উল্লেখ্য যে,নৈ বিল সংযোগীকৰণৰ প্ৰাৰম্ভিক কাম-কাজ চলিতবৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাও আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ প্রথম পর্যায়ত প্রয়োজন হ’বলগীয়া ব্যয়ৰ বাবে ধন ধাৰ্য কৰিছে ৩৮০.৬০ কোটি টকা ৷

Exit mobile version