Childrens Day Celebration In Guwahati:
আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মবার্ষিকীৰ দিনটোত দেশে প্ৰতিবৰ্ষত উদযাপন কৰি আহিছে শিশু দিৱস ৷ সমগ্ৰ দেশৰ লগতে গুৱাহাটীটো উদযাপন কৰা হয় শিশু দিৱস।
মহানগৰীৰ কাহিলীপাৰাস্থ নৰকাসুৰ অঞ্চলৰ তিৱানগৰ প্ৰাথমিক বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয় শিশু দিৱস৷ দিৱস উপলক্ষে পুৱাতে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে শিক্ষক- শিক্ষয়িত্ৰী সম্বন্ধিতে ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ পিছত বেনাৰ আৰু প্লেকাৰ্ড লৈ ছাত্ৰ-ছাত্ৰীয়ে এক সমদল উলিয়াই ৷
আনহাতে আই আই টি গুৱাহাটীস্থিত অস্বৰা প্ৰাক্-প্ৰাথমিক বিদ্যালয়তো উদযাপন কৰা হয় শিশু দিৱস ৷ শিশু দিৱসৰ লগতে সংগতি ৰাখি আইআইটিৰ ড:ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিবেশনেৰে পৰিবেশ সজীৱ কৰি তোলে ৷
একেদৰে মহানগৰীৰ ৰাজগড়স্থ অসম জাতীয় বিদ্যালয়তো উদযাপন কৰা হয় শিশু দিৱস৷ দিৱস উপলক্ষে কণমানি ছাত্ৰ-ছাত্ৰী সকলে ভেশচন প্ৰতিযোগিতাত অংশ লোৱাৰ লগতে নৃত্য- গীতেৰে পৰিবেশ জীপাল কৰি তোলে ৷