Students protest at a school in Guwahati on Children’s Day:
আজি শিশু দিৱস ৷ সমগ্ৰ দেশৰ লগতে গুৱাহাটীটো বিভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হয় শিশু দিৱস ৷ কিন্ত মহানগৰীৰ এখন শিক্ষানুষ্ঠানত শিশু দিৱসৰ দিনটোতে প্ৰতিবাদত বহিল কণ কণ শিক্ষাৰ্থী। ১ নং হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীয়ে ৰূপায়ণ কৰে প্ৰতিবাদ।
উল্লেখ্য যে বিদ্যালয় খনৰ সোণালী জয়ন্তী উপলক্ষে বিদ্যালয়ৰ দেৱালত নতুনকৈ অংকন কৰা হৈছিল বহু চিত্ৰ ৷ কিন্ত জুবিনৰ সংগীতানুষ্ঠানলৈ অহা একাং উদণ্ড যুৱক- যুৱতীয়ে বিদ্যালয়ৰ গেইট আৰু টিনৰ ওপৰত উঠি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে দেৱালত অংকন কৰা ছবিত পিক পেলাই লেতেৰা কৰে এচাম উশৃঙ্খল দৰ্শকে ৷
যাৰ বাবে আজি শিশু দিৱৰ দিনটোত বিদ্যালয় খনৰ কণ কণ শিক্ষাৰ্থী সকলে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি হাতত বেনাৰ আৰু ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী শিক্ষাৰ্থী সকলে উদণ্ড লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰে ৷