How secure is your G-Mail :
ইমেইলৰ আদান-প্রদানৰ বাবে সৰ্বাধিক গুগলৰ জিমেইল ব্যৱহাৰ হৈ আহিছে। প্রায় সংখ্যক ইমেইল ব্যৱহাৰকাৰীয়ে জিমেইল একাউন্ট ব্যৱহাৰ কৰে। কিন্তু আজিৰ দিনত ইমেইল একাউণ্টৰ সুৰক্ষাৰ প্রতিও ভাবুকিৰ সৃষ্টি হৈছে। আনকি গুগলৰ জিমেইলো সম্পূর্ণ নিৰাপদ নহয়। যিকোনো মুহূৰ্ততে হেকাৰে আপোনাৰ জিমেইল একাউন্ট কৰিব পাৰে হেক।
নিজৰ জিমেইল একাউন্ট সুৰক্ষিত ৰখাৰ দায়িত্ব আপোনাৰ হাততে। যদি আপোনাৰ একাউন্ট হেক হয়, তেন্তে এই ক্ষেত্রত কৰিব লগা একো নাথাকিব। বিশেষজ্ঞৰ মতে, সম্ভাব্য হেকিঙৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আন এটা জিমেইল একাউন্ট খুলি সক্ৰিয় ৰখা উচিত। অর্থাৎ একেলগে দুটা জিমেইল একাউন্ট খুলি দুয়োটাতে প্রয়োজনীয় সেইসমূহ সংৰক্ষণ কৰি ৰাখক। তেতিয়া এটা একাউন্ট হেক হ’লেও আনটো একাউণ্টৰে কাম চলাব পাৰিব।
আপোনাৰ জিমেইল একাউন্ট সুৰক্ষিত আছে নে? কোনোবাই আপোনাৰ জিমেইল একাউন্ট হেক্ কৰিছে নেকি, এই কথা আপুনিও জানে নে? আপোনাৰ জিমেইল একাউন্ট যদি হেক হয়, তেন্তে ইমেইলৰ স’তে লিংক কৰা সকলো ব্যক্তিগত তথা গুৰুত্বপূর্ণ তথ্য-পাতিও হেকাৰে লাভ কৰিব পাৰে। এনে ক্ষেত্ৰত পৰিস্থিতি কিমান ভয়াৱহ হ’ব পাৰে, সেয়া সহজে অনুমেয়। সেয়েহে ডিজিটেল যুগত পদে পদে সাৱধান হোৱা অতি জৰুৰী।
২০১৯ৰ দুই অক্টোবৰত গুগলে ক্ৰ’ম ৱেব ব্লাউজাৰৰ বাবে লউঞ্চ কৰিছিল গুগল পাছৱৰ্ড চেকআপ এড-অন। ইয়াৰ সহায়ত আপুনি আপোনাৰ ইমেইল একাউন্ট কিমানবাৰ লগ ইন কৰা হৈছে আৰু কোনোবাই জিমেইল একাউন্ট হেক কৰিছে নেকি সেয়াও হেকড্ লগ ইনৰ জৰিয়তে জানিব পাৰিব। অৱশ্যে সময়ৰ লগে লগে হেকাৰেও বহু উন্নতি কৰিছে । নতুন নতুন ছফটৱেৰ তৈয়াৰ কৰি হেকাৰেও চাইবাৰ অপৰাধৰ নানা পথ মুকলি কৰিছে। সেয়েহে জিমেইল ব্যৱহাৰ কৰিলেও আপোনাৰ ইমেইল একাউণ্ট সুৰক্ষিত নহ’ব