Cm Pressmeet Addressing:কৰিমগঞ্জ’ৰ নতুন নাম ‘শ্রীভূমি

২০২৫ৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে সমাপ্ত হ'ব পঞ্চায়ত নির্বাচন প্রক্রিয়া,ৰাজ্যৰ বহু নগৰ, চহৰ, গাঁৱৰ নাম সলনিৰ সিদ্ধান্ত, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত সিদ্ধান্ত

cm pressmeet

Cm Pressmeet Addressing:

দিছপুৰত বুধবাৰে বিয়লী মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকৰ অন্তত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেটত লোৱা সিদ্ধান্ত সমূহ সদৰি কৰে।

বৰাক উপত্যকাৰ অন্যতম জিলা কৰিমগঞ্জৰ নাম সলনি কৰি ‘শ্রীভূমি ‘ কৰা হয় ৷ আনহাতে অচিৰেই ৰাজ্যৰ বহু নগৰ, চহৰ, গাঁৱৰ নাম সলনিৰ সিদ্ধান্ত লয় কেবিনেটে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,৩০ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ তালিকা প্ৰকাশ পোৱাৰ পিছত দুটা পর্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ ২০২৫ৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে সমাপ্ত হ’ব পঞ্চায়ত নির্বাচন প্রক্রিয়া। জানুৱাৰীৰ ভিতৰত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। অৱশ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক মুখ্য নিৰ্বাচন বিষষাই ৷

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়,অহা ২৪ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’ব আছাম ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকছাৰ ছামিট ৷ এই ছামিটত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Exit mobile version