Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: মনৰ স্থিৰতা ৰখাৰ দৰকাৰ হ’ব। অনাহক হ’লেও মনবিৰোধী কথাত খং উঠিব পাৰে। ভবা মতে কামত অগ্ৰসৰ হ’ব। শুভ বর্ণ মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব। শুভ ৰং মূগা। শুভ সংখ্যা ২।

বৃষ: চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাৱে ধন নাৰাখিব। বিদ্যাত মধ্যম। মন চঞ্চল থাকিব। শুভ বর্ণ গাঢ় নীলা। এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা আনিব। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

মিথুন: ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক। শৰীৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক। শুভ বৰ্ণ চকলেট ৰং। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ৫।

কর্কট: মজলীয়া দিন। অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হ’ব। আজি আপোনাৰ শুভ বর্ণ হালধীয়া। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ১।

সিংহ: আনৰ কথাত উঠা বহা কৰাসকল সাৱধান থাকক। আজি আপুনি পুৱা বেল গছত পানী ঢালিব। শুভ বর্ণ সেউজীয়া। শুভ সংখ্যা ৩।

কন্যা: বিষয় সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব। কিছুমান পৰিবেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব। শুভ বর্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।

তুলা: দূৰ যাত্ৰাদিত বাধা থাকিব। অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰৰ মাজত সোমাই পৰিব। নতুন সংযোগ আছে। আপুনি আজি কমলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।

বৃশ্চিক: আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব। শৰীৰ সম্পৰ্কে সচেতন ব্যক্তিৰ চিন্তা কম। আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৮।

ধনু: অভাৱনীয় কথাত খৰচৰ পথ ওলাব। নকৰো বুলি বা নিদিও বুলি ভবা কথাকো ৰাখিব নোৱাৰিব। আপোনাৰ শুভ বৰ্ণ পাতল সেউজীয়া। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭।

মকৰ: কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয়। বিদ্যার্থীসকলে আজি পুৱা তুলসীৰ তলত পানী ঢালিব। দুখীয়াক দান কৰিব। শুভ বর্ণ গুলপীয়া। শুভ সংখ্যা ৯।

কুম্ভ: উন্নত পৰিৱেশ। ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে। সন্তানৰ সান্নিধ্যত উৎসাহিত। আপুনি আজি ক’লা ৰঙৰ পৰা বিৰত থাকক। শুভ সংখ্যা ২।

মীন: কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা। আজি আপুনি যাত্রা কৰোতে মানিবেগত তিনিটা তুলসীৰ পাত ল’ব। ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।

Exit mobile version