Bhutan’s silicon factory is causing serious pollution in Assam:ভূটানৰ ছিলিকন কাৰখানাৰ পৰা অসমৰ ভূমিত ভয়াৱহ প্ৰদূষণত উদ্বেগ

ক'লা ধোঁৱাই ছানিছে আকাশ-বতাহ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ নিৰ্গমন, ভয়ংকৰ বিপদৰ সন্মুখত তামুলপুৰৰ বগাজুলীৰ জীৱকুল ক'লা

bhutan silicon

Bhutan’s silicon factory is causing serious pollution in Assam:

চুবুৰীয়া দেশ ভূটানৰ এটা ছিলিকন উদ্যোগৰ পৰা নিৰ্গত বিষাক্ত দ্রব্য মিশ্রিত ধোঁৱা আৰু ৰাসায়নিক দ্রব্যই সৃষ্টি কৰা প্ৰদূষণৰ বাবে ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে তামুলপুৰৰ বগাজুলীৰ সমস্ত জীৱকুল।

শেহতীয়াভাবে ভূটানৰ চামদ্রুপঝংখাৰ জিলাত এটা ছিলিকন কাৰখানা স্থাপন কৰা হৈছে। নতুনকৈ স্থাপিত এই কাৰখানাৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক দ্রব্য আৰু ক’লা ধোঁৱা তথা ছায়ে বগাজুলী অঞ্চলৰ পৰিৱেশ বিষাক্ত কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ এই কাৰখানাৰ পৰা দিনে-নিশাই ক’লা ধোঁৱা আৰু ছাই নির্গত হয়। ফলত বগাজুলী অঞ্চলৰ বাসিন্দাসকলৰ ঘৰ-বাৰী, খেতিপথাৰ সকলোতে অপকাৰী দ্ৰব্যৰ ক’লা চামনিৰ সৃষ্টি হৈছে। ফলত বৃহত্তৰ অঞ্চলটোৰ মানুহৰ লগতে সমস্ত জীৱকুলৰ প্ৰতি বিপদ নামি অহা বুলি চর্চিত হৈছে।

এই সম্পর্কত ‘দৈনিক অগ্রদূত’ৰ প্ৰতিনিধিয়ে অঞ্চলটোৰ অৱস্থাৰ বুজ লোৱাৰ সময়ত চামদ্ৰপঝংখাৰৰ ছিলিকন কাৰখানাটোৰ পৰা নিৰ্গত ক’লা ধোঁৱা আৰু ছায়ে কেনেদৰে স্থানীয় ৰাইজৰ খেতিপথাৰ আদি নষ্ট কৰিছে সেয়া প্রত্যক্ষ কৰে। আনকি এই অপকাৰী ধোঁৱা আৰু ছায়ে পোহনীয়া হাঁহ-কুকুৰা, গৰু- ছাগলী তথা বনৰ বান্দৰ আদিৰ শৰীৰ ক’লা কৰি পেলাইছে। তদুপৰি মানুহৰ কাপোৰ কানিও ক’লা হৈছে।

আনহাতে, স্থানীয় লোকে জানিবলৈ দিয়া মতে, ছিলিকন কাৰখানাটোৰ পৰা নিৰ্গত বিষাক্ত দ্রব্যই লাই, পালেং, মূলা, বেঙেনা আদি খেতি নষ্ট কৰিছে। একেদৰে এই বিষাক্ত দ্রব্যসমূহে অঞ্চলটোৰ খাল, পুখুৰী, বিল, কুঁৱা আদিৰ পানীও প্ৰদূষিত কৰিছে। কেৱল সেয়াই নহয়, ক’লা ধোঁৱা আৰু ছাইৰ প্ৰতাপত স্থানীয় ৰাইজে প্রাতঃভ্রমণো কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।

ইতিমধ্যে শিশুকে ধৰি স্থানীয় বহু লোক চকুৰ জ্বলাপোৰা, ছালৰ খজুৱতিৰ লগতে কাহ-চর্দি আদিত আক্রান্ত হৈছে। আশ্চর্যজনক যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ উদ্যোগৰ পৰা সৃষ্ট এই প্ৰদূষণ সম্পৰ্কত স্থানীয় ৰাইজে তামুলপুৰ জিলা প্রশাসনক অৱগত কৰিছে যদিও কাৰখানাটোৰ ধোঁৱা পৰিশোধনৰ বাবে প্রশাসনে ব্যৱস্থা লোৱা নাই। ফলত ৰাইজে দুঃচিন্তা উদ্বিগ্নতাৰ মাজেৰে সময় অতিবাহিত কৰি আছে ৷

Exit mobile version