Nalbari Sri Sri Harimandir Rash: নলবাৰী শ্রীশ্রী হৰিমন্দিৰৰ ৯১ সংখ্যক ৰাস মহোৎসৱ সপ্তামদিনা ভক্তপ্রাণ ৰাইজৰ ভিৰ

অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ ঐতিহ্য-গৌৰৱ গাথাৰ প্ৰদৰ্শনী পৰিদৰ্শন বশিষ্ঠ বুজৰবৰুৱা, নলবাৰী ৰাসৰ এই প্রদৰ্শনী লৈ দৃষ্টি কাঢ়িছে সকলৰে

nalbari rash

Nalbari Sri Sri Harimandir Rash:

নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯১ সংখ্যক ৰাস মহোৎসৱত প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ ৫১২৬ প্ৰদৰ্শনী আজি সন্ধিয়া ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাই পৰিদৰ্শন কৰে।

উক্ত প্রদৰ্শনী পৰিদৰ্শন কৰি বশিষ্ঠ বুজৰবৰুৱাই প্রজ্ঞা, নলবাৰী জিলা সমিতিৰ বিষয়ববীয়া সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছতে আৰ এছ এছৰ নেতা গৰাকীয়ে নলবাৰী ৰাস স্হলীত প্রজ্ঞা’ দ্বারা নিবেদন হৈ থকা জীৱন্ত ৰাস ৰাস “মধুৰম”ৰ উপভোগ কৰে।

বশিষ্ঠ বুজৰবৰুৱাৰ আজিৰ এই পৰিদৰ্শন কালত সংগ দিয়ে প্রজ্ঞা, নলবাৰী জিলা সমিতিৰ প্রভাৰী অনুপ বৰ্মন,সভাপতি ড: মুনিন দাস, সম্পাদক পংকজ ডেকা, প্রজ্ঞা, মহানগৰ সমিতিৰ সভাপতি মন্মথ বৰুৱা,ৰাষ্ট্ৰীয় স্বয়ংসেক সংঘৰ নলবাৰী বিভাগৰ বিভাগ প্রচাৰক কেশৱ ভুঞা আদিয়ে।

উল্লেখ্য যে য়োৱা ১৬ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱ, জ্ঞান আৰু প্ৰজ্ঞাস্থলীত পৰিণত নলবাৰী ৰাস। এইবেলি তৃতীয় বাৰৰ বাবে ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱ নলবাৰী প্ৰজ্ঞাৰ ব‍্যতিক্ৰমী পদক্ষেপ কৰা পৰিলক্ষিত হৈছে। নলবাৰীৰ ৰাসৰ এই বিশেষ প্রদৰ্শনীয়ে সকলোৰে দৃষ্টি কাঢ়িছে ।

Exit mobile version