Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস

delhi pollition

Delhi has been polluted for 122 days this year:

দিল্লীত বায়ু প্ৰদূষণৰ প্রকোপ যোৱা বছৰৰ তুলনাত চলিত বর্ষত যথেষ্ট বৃদ্ধি পালে। এক জানুৱাৰীৰ পৰা ১৮ নৱেম্বৰ ২০২৪ৰ সময়ছোৱাত দিল্লীত প্রায় ১২২ দিন সর্বাধিক  বায়ু বায়ু প্ৰদূষিত হৈছিল। প্ৰদূষণ বিভাগৰ তথ্য অনুসৰি, পহিলা জানুৱাৰীৰ পৰা ১৮ নৱেম্বৰৰ সময়ছোৱাত ১২২ দিন দিল্লীৰ বায়ু গুণমান সূচাংক (একিউআই) ২০১ৰ অধিক আছিল। ২০২৩ৰ এই সময়ছোৱাত দিল্লীত ১১৬ দিন একিউআই ২০০ৰ অধিক আছিল।

চলিত বৰ্ষত দিল্লীৰ ২০১ দিন একিউআই ০-২০০ৰ ভিতৰত আছিল। ২০২৩ বর্ষত ২০৬ দিন দিল্লীৰ একিউআই ০-২০০ৰ ভিতৰত আছিল।  সম্প্রতি দিল্লীত বায়ু প্রদূষণ সর্বাধিক হৈছে। বর্ধিত প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছে। তদুপৰি দিল্লীৰ বাসিন্দাক প্ৰদূষণৰ পৰা সুৰক্ষাৰ বাবে প্রয়োজনীয় সতর্কতা অবলম্বনৰ পৰামৰ্শ দিয়া হৈছে।

Exit mobile version