AIUDF has suspended the Hailakandi MLA for six years:হাইলাকান্দিৰ বিধায়কক ছবছৰলৈ নিলম্বন কৰিলে ইউডিএফে

প্রাথমিক সদস্যৰ পৰাও নিলম্বন বিধায়কগৰাকীক, এআইইউডিএফত একনায়কত্ববাদ চলাইছে আজমলে:জাকিৰ হুছেইন

jakir

AIUDF has suspended the Hailakandi MLA for six years:

দল বিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত এআইইউডিএফৰ প্রাথমিক সদস্য পদৰ পৰাই নিলম্বিত হ’ল বিধায়ক জাকিৰ হুছেইন লস্কৰ। হাইলাকান্দিৰ বিধায়ক লস্কৰক ছবছৰৰ বাবে এই নিলম্বন কৰা হয় বুলি দলটোৱে সদৰী কৰে।

দলৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই সদৰী কৰে যে বিধায়ক হৈয়ো লস্কৰে দীৰ্ঘদিনৰ পৰা নিজ দলৰে বিৰুদ্ধে বিভিন্ন কার্যত লিপ্ত হৈ আহিছে। দলৰ সংবিধানকো ইয়াৰ দ্বাৰা উলংঘা কৰিছে। সেয়েহে নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে নিলম্বনৰ পাছতে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাইলাকান্দিৰ বিধায়ক গৰাকী। তেওঁ কয় এআইইউডিএফত একনায়কত্ববাদ চলাইছে আজমলে এআইইউডিএফত নাই গণতন্ত্ৰৰ ঠাই।

Exit mobile version