Maharashtra Assembly will be without an Opposition Leader for the first time:
মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনত মহাবিকাশ অঘাড়ীয়ে মুঠ যিমান আসন লাভ কৰিলে, তাতকৈ আঢ়ৈগুণৰো অধিক আসন অকলে দখল কৰিলে বিজেপিয়ে।
ADVERTISEMENT
অঘাড়ীয়ে ৫০ সমষ্টিত আবদ্ধ থকাৰ বিপৰীতে বিজেপিয়ে এই নির্বাচনত ৰাজ্যখনত ১৩২ সমষ্টিত জয়লাভ কৰে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে ৮০ শতাংশ আসন জয়ৰে নতুন ইতিহাস ৰচিলে।
উল্লেখ্য যে প্ৰথমবাৰলৈ মহাৰাষ্ট্ৰত বিধানসভাত নাথাকিব কোনো বিৰোধী দলপতি। অৰ্থাৎ বিৰোধী দলপতি বিহীন হ’ব মহাৰাষ্ট্ৰ বিধানসভা ৷