Assembly Speaker will take a decision on December 18 to dismiss Sherman Ali Ahmed from his MLA post:
কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমান আলী আহমেদৰ বিধায়ক পদক লৈ অহা ১৮ ডিচেম্বৰৰ পূৰ্বে সিদ্ধান্ত গ্রহণ কৰিব বিধানসভাৰ অধ্যক্ষই। সোমবাৰে শপতনামা যোগে উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
উল্লেখ্য যে কংগ্রেছৰ নিলম্বিত বিধায়ক আহমেদৰ বিধায়ক পদ খাৰিজ কবিব লাগে বুলি বিধায়িনী দলব পৰা অধ্যক্ষক কে’বাবাৰো আবেদন দাখিল কৰা হৈছে। কিন্তু সেই আবেদনক অধ্যক্ষই গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰি সাংসদ ৰকিবুল হুছেইন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
ন্যায়ালয়ে সোমবাৰৰ ভিতৰত বিষয়টো স্পষ্ট কৰিবলৈ পূৰ্বৰ শুনানিত অধ্যক্ষক নির্দেশ দিছিল। কিন্তু সেই তথ্য অৱগত কৰাৰ পৰা বিৰত থাকে। অসুস্থতাৰ কাৰণ দেখুৱাই বিষয়টো আগবঢ়োৱাত পলম হৈছে বুলি কাৰৰ্ণ দর্শাই ১৮ ডিচেম্বৰৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনায়। গতিকে বিধায়ক আহমেদৰ পদ খাৰিজ হ’ব নে নহয় ১৮ ডিচেম্বৰৰ ভিতৰত স্পষ্ট হ’ব। সেই দিনাই ভাগ্য নিৰ্ণয় হ’ব শ্বেৰমান আলী আহমেদৰ ৷