Aishwarya Rai Bachchan has suddenly dropped her title ‘Bachchan’ from her name: নিজৰ নামৰ পৰা হঠাৎ ‘বচ্চন’ উপাধি বাদ ঐশ্বৰ্যৰ !

rai

Aishwarya Rai Bachchan has suddenly dropped her title ‘Bachchan’ from her name:

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ সম্পৰ্কৰ সন্দৰ্ভত শেহতীয়াভাৱে সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈ আহিছে। যোৱা বছৰৰ পৰাই ঐশ্বৰ্য আৰু অভিষেকৰ বিবাহ বিচ্ছেদ প্রক্রিয়া আৰম্ভ হোৱা বুলি সামাজিক মাধ্যমত চর্চা অব্যাহত আছে।

ADVERTISEMENT

অৱশ্যে দাম্পত্য সম্পৰ্কৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই অভিষেক-ঐশ্বৰ্যই। অলপতে ডুবাইৰ এক অনুষ্ঠানত অংশ লৈছিল ঐশ্বর্যই। উক্ত অনুষ্ঠানত অংশ লোৱাৰ সময়ত নিজৰ পৰিচিতি অংশত নামৰ পৰা ‘বচ্চন’ উপাধি বাদ দিছিল ঐশ্বর্যই। উপস্থিত লোকসকলৰ আগত নিজৰ পৰিচয় ঐশ্বৰ্য ৰায় বুলি অভিনেত্ৰী গৰাকীয়ে দিছিল।

ইয়াৰ পাছৰে পৰা ঐশ্বৰ্যই হঠাৎ কিয় ‘বচ্চন’ উপাধি ত্যাগ কৰিলে তাক লৈ চর্চা চলিছে। অভিষেকৰ স’তে ঐশ্বৰ্যৰ ১৭ বছৰীয়া বিবাহিত জীৱনৰ ভাঙোন আৰম্ভ হ’ল নেকি বুলিও একাংশ লোকে সামাজিক মাধ্যমত প্রশ্ন কৰিছে ।

Exit mobile version