ন-খোৱাৰ আনন্দ, হাতে কামে লাগিছে গাঁৱৰ জীয়াৰী-বোৱাৰী, বুঢ়া মেঠা সকলো

অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ ন-খোৱা উদযাপন

ন-খোৱা

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ন-খোৱা উৎসৱ । আঘোণ মাহৰ সোণগুটি চপোৱাৰ বতৰত টীয়কৰ ঢেকীয়াখোৱাৰ হোমদিয়া চুবুৰীৰ ৰাইজেও আয়োজন কৰিছে ন-খোৱা উৎসৱ। সীমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই অনাৰ পিছত এসাজ একেলগে খোৱাৰ প্ৰস্তুতিত আনন্দিত হৈ পৰিছে চহা কৃষক সমাজ ৷

জেঠ মহীয়া প্ৰখৰ ৰ’দৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈকে সকলো আওকাণ কৰি চহা খেতিয়কসকল ব্যস্ত থাকে সপোনৰ পথাৰখনত ৷ আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত ৷ শাওণৰ সপোন সোণগুটি হৈ ভড়ালত সোমোৱাৰ লগে লগেই উলাহে নধৰে কৃষিজীৱি অসমীয়াৰ হিয়া। অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ এই ন-খোৱা ৷

ন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খাই ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱ। যি উৎসৱক কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হৈছে লগতে বৰ্তমান মূল্যবৃদ্ধিৰ বাবে ব্যক্তিগতভাৱে ন-খাবলৈ যথেষ্ট অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তথা পূৰ্বৰ পৰম্পৰা অটুত ৰখাৰ উদ্দেশ্যে এইদৰে সমূহ ৰাইজে এই উৎসৱ পালন কৰিছে বুলি মত প্ৰকাশ কৰিছে স্থানীয় লোকে।

Exit mobile version