দিল্লী চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ । হাঁড় কপোঁৱা শীতৰ পৰা ৰক্ষা পাবলৈ গৃহহীন লোকসকলৰ বাবে ২৩৫ টা তম্বুৰ ব্য়ৱস্থা কৰিছে দিল্লী চৰকাৰৰ । দিল্লী নগৰ আশ্ৰয় উন্নয়ন পৰিষদ (DUSIB)ৰ অধীনত এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । দিল্লী চৰকাৰে ২০২৪-২৫ বৰ্ষৰ শীতকালীন কাৰ্য পৰিকল্পনা অনুসৰি যোৱা ১৫ নৱেম্বৰৰ পৰা মুঠ ২৫০ টা তম্বু স্থাপন কৰিবলৈ আৰম্ভ কৰিছে । বাকী ১৫ টা তম্বু জৰুৰীকালীন অৱস্থাৰ বাবে সংৰক্ষিত কৰা হৈছে।
প্ৰতিটো তম্বুত তিনিসাজ আহাৰৰ লগতে তুলী, কম্বল, শৌচাগাৰৰ সুবিধা, আৰু স্বাস্থ্য পৰীক্ষা সেৱাৰ দৰে অত্যাৱশ্যকীয় সুবিধা আছে বুলি এগৰাকী বিষয়াই সংবাদমাধ্যমক জানিবলৈ দিয়ে । লগতে তেওঁ কয় যে,তম্বুকেইটাত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে, প্ৰতিটো তম্বুৰ বাবে তিনিগৰাকীকৈ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে । তেওঁলোকে আঠ ঘণ্টাৰ শ্বিফ্টত কাম কৰি আছে ।
আনহাতে স্থায়ী আশ্ৰয় ভৱনত থকা লোকসকলৰ বাবে শীতকালত কোনো অসুবিধা নোহোৱাকৈ গৰম পানীৰ বাবে গিজাৰৰ দৰে অতিৰিক্ত সুবিধা প্ৰদান কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।