কামৰূপ মহানগৰৰ ভিন্ন স্থানত জালনোট সৰবৰাহকাৰীৰ ৰমৰমীয়া বেহা । বুধবাৰে পুনৰ ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত টেঘেৰীয়াত এছটিএফৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত পুনৰ আটক কৰা হয় তিনি দুৰ্ধৰ্ষ জালনোট সৰবৰাহকাৰী । বিগত ২১ নৱেম্বৰত সোণাপুৰৰ খৰিকটীয়াত এছটিএফে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ জালনোট সহ আটক কৰিছিল এজন সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই পুনৰ আটক কৰা হয় তিনি দুৰ্ধৰ্ষ জালনোট সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী কেইটা হ’ল লখিমপুৰৰ বিহপুৰীয়াৰ মফিদুল ইছলাম, নুৰজামাল ইছলাম ওৰফে মহেশ্বৰী আৰু সোণাপুৰৰ হাটখোলাল আব্দুল কালাম ওৰফে বাবু ।
আনহাতে ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা জালনোট সৰবৰাহত ব্যৱহ্নত এএছ ০১-ইপি ৫৪৭৬ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহন আৰু ৫ টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত এছটিএফে অব্যাহত ৰাখিছে তদন্ত ৷