STF raid: এছ টিএফৰ অভিযানত জালনোট সহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কামৰূপ মহানগৰৰ ভিন্ন স্থানত জালনোট সৰবৰাহকাৰীৰ ৰমৰমীয়া বেহা

WhatsApp Image 2024 12 11 at 6.17.45 PM

কামৰূপ মহানগৰৰ ভিন্ন স্থানত জালনোট সৰবৰাহকাৰীৰ ৰমৰমীয়া বেহা । বুধবাৰে পুনৰ ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত টেঘেৰীয়াত এছটিএফৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত পুনৰ আটক কৰা হয় তিনি দুৰ্ধৰ্ষ জালনোট সৰবৰাহকাৰী ।  বিগত ২১ নৱেম্বৰত সোণাপুৰৰ খৰিকটীয়াত এছটিএফে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ জালনোট সহ আটক কৰিছিল এজন সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই পুনৰ আটক কৰা হয় তিনি দুৰ্ধৰ্ষ জালনোট সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী কেইটা হ’ল লখিমপুৰৰ বিহপুৰীয়াৰ মফিদুল ইছলাম, নুৰজামাল ইছলাম ওৰফে মহেশ্বৰী আৰু সোণাপুৰৰ হাটখোলাল আব্দুল কালাম ওৰফে বাবু ।

আনহাতে ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা জালনোট সৰবৰাহত ব্যৱহ্নত এএছ ০১-ইপি ৫৪৭৬ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহন আৰু ৫ টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত এছটিএফে অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version