স্বাভাৱিকতে বার্ধক্য এদিন আহিব। সময়ৰ আগতে বার্ধক্য আহিলে একেবাৰেই সুখদায়ক নহয়। আজি-কালি অনিয়মিত জীৱন-যাপনৰ বাবে কম বয়সতে বহুতো দীর্ঘদিনীয়া ৰোগ দেখা দিয়ে। শৰীৰৰ লগতে ই যৌন জীৱনতো প্রভাৱ পেলায়। যাৰ বাবে বহু সময়ত বহুত টকা খৰচ কৰে; কিন্তু বেছি লাভ নহয়।
এই সমস্যাটো সস্তীয়া পাতৰ দ্বাৰা সমাধান কৰিব পাৰি। আয়ুৰ্বেদত যুগ যুগ ধৰি বৰ মানিমুনী পাত ব্যৱহাৰ হৈ আহিছে। তিনিৰ পৰা চাৰিটা বৰ মানিমুনী পাত ধুই পুৱা খালী পেটত খালে যথেষ্ট উপকাৰ পোৱা যাব। গৰম ভাতৰ লগত বৰ মানিমুনী পাতৰ বটাও খাব পাৰে। বৰ মানিমুনী পাতৰ ৰসে বয়স বঢ়াৰ লগে লগে সৰু কৰি ৰাখে।
প্রতিদিনে এগিলাচ গাখীৰত পাঁচ-ছয় চামুচ মানিমুনী পাতৰ ৰস মিহলাই দিলে মুখৰ সৌন্দৰ্য্য বৃদ্ধি পাব। নিয়মিতভাৱে বৰ মানিমুনী পাতৰ ৰস সেৱন কৰিলে শিথিল যৌন জীৱনত উষ্ণতা পোৱা যাব, শৰীৰ শক্তিশালী হ’ব। বৰ মানিমুনী পাতে যকৃত সুস্থ কৰি ৰাখে। এই পাতে আলচাৰ, ডায়েৰিয়াকে ধৰি পেটৰ যিকোনো সমস্যাৰ চিকিৎসাত অতি উত্তম কাম কৰে।
বৰ মানিমুনী পাতৰ ৰস সেৱন কৰিলে ছালৰ ক’লা দাগবোৰ আঁতৰি যায় আৰু ছালখন পাতল হৈ পৰে। বৰ মানিমুনী পাত পেষ্ট কৰি মুখত লগালেও উপকাৰী। এই উপায় এসপ্তাহ ব্যৱহাৰ কৰিলে ছালখন টান হৈ যাব।
মানিমুনী পাতে স্মৃতিশক্তিও উন্নত কৰাত সহায় কৰে। নিয়মিতভাৱে এই পাত খোৱাটোও স্নায়ুৰ সমস্যাৰ বাবে উপকাৰী। এই পাতবোৰ পুৱা কিছু পানীত সিজাই চেকি লওক। এই পানীৰে ভালদৰে গাৰ্গল কৰিলে মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ বিষ কমি যাব।
