Delhi records winter after 14 years:১৪ বছৰৰ পাছত শীতৰ অভিলেখ দিল্লী

পাঁচ ডিগ্রী চেলচিয়াছলৈ অৱনমিত তাপমাত্রা

delhi

ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত প্রচণ্ড শীতল হ’ল দিল্লী। শুক্ৰবাৰে নিশা দেশৰ ৰাজধানী তাপমাত্রা প্রায় চাৰি ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছিল।

ADVERTISEMENT

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা নিশা দিল্লীৰ সৰ্বনিম্ন তাপমাত্রা আছিল ৪.৯ ডিগ্রী চেলচিয়াছ। ১৪ বছৰ পাছত ডিচেম্বৰত দিল্লীত প্ৰথমবাৰলৈ সৰ্বনিম্ন তাপমাত্রা পাঁচ ডিগ্রী চেলচিয়াছৰ তললৈ নামিল।

মঙলবাৰে দিল্লীৰ সর্বনিম্ন তাপমাত্রা আছিল আঠ ডিগ্রী চেলচিয়াছ। এদিনতে দেশৰ ৰাজধানী তাপমাত্রা প্রায় চাৰি ডিগ্রী চেলচিয়াছ হ্রাস পালে। পৰিসংখ্যা অনুসৰি ইয়াৰ পূৰ্বে ১৯৮৭ৰ ছয় ডিচেম্বৰত দিল্লীৰ সৰ্বনিম্ন তাপমাত্রা আছিল ৪.১ ডিগ্রী চেলচিয়াছ। যোৱা বুধবাৰৰ পৰা দিল্লীত প্রবল শীতপ্ৰৱাহ অব্যাহত আছে আৰু শনিবাৰলৈকে শীতপ্রবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে।

Exit mobile version