Gangrape Incident In Guwahati:
মানৱ সমাজত লজ্জাজনক কৰা ঘটনা মহানগৰীত ৷ ছদিন পূৰ্বে সংঘটিত এক দলবদ্ধ ধৰ্ষণকাণ্ডই জোকাৰি গৈছে গুৱাহাটী ৷ গড়চুকৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰৰ চৌহদত কে’বাজনো নৰপিশাসৰ কামনাৰ বলি হৈছিল এগৰাকী যুৱতী। যুৱতীগৰাকীক দলবদ্ধভাৱে অপকৰ্ম কৰি ভিডিঅ’ প্ৰস্তুত কৰিছিল পাষণ্ডৰ দলটোৱে। মহিলাক উলংগ কৰি নৰপিশাচে বনালে ভিডিঅ’ ৷ তাৰ পিছত সেই ভিডিঅ’ সামাজিক মাধ্যমত কৰিছিল ভাইৰেল ৷
ইতিমধ্যে এই ভিডিঅ ভাইৰেল হোৱাৰ পিছত গড়চুক আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত ভিডিঅ ‘ফুটেজ চাই বৰাগাঁৱৰে পৰা গ্ৰেপ্তাৰ কৰে ৷ ধৃত নৰপিশাস কেইটা হ’ল কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। আনহাতে এতিয়াও পলাতক অৱস্থাত দুই মাষ্টাৰ মাইণ্ড ৰবীন দাস আৰু কৃষ্ণ।
ইফালে,বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতী গৰাকী এই পৰ্যন্ত হোৱা নাই ৷ একেদৰে নিশাৰ ভাগত অকলশৰে বৰাগাঁৱৰ মন্দিৰ চৌহদলৈ কেনেদৰে আহিল যুবতী গৰাকী ৷ ইয়াক লৈ স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে ৷
বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতীৰ গৰাকী। নিশাৰ ভাগত অকলশৰে বৰাগাঁৱত ক’ৰ পৰা আহিছিল যুৱতী গৰাকী তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ। আনহাতে গড়চুক আৰক্ষীয়ে নিজাববীয়াকৈ এটি গোচৰ ৰজু কৰি ভুক্তভোগী যুৱতী গৰাকীক সন্ধানত অভিযান চলোৱাৰ সমান্তৰালভাৱে দুই ধৰ্ষণকাৰীৰ সন্ধানত চলাইছে অভিযান ৷