Wild elephants infestation in Nalbari:নলবাৰীত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বন বিভাগৰ বিষয়াই প্ৰধান শিক্ষকক শাৰীৰিক অপদস্থ কৰাৰ অভিযোগ

nalbari

নলবাৰী জিলাৰ পূৱ প্ৰান্তত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় । কেইবা দিনো ধৰি বন্য হস্তীয়ে পূৱ নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পিছত আজি বনবিভাগে স্থানীয় ৰাইজৰ সহযোগত সন্ধা-পাইকাৰকুছি অঞ্চলৰ পৰা বন্য হস্তী সমূহক কটাহকুছি প্ৰান্তৰ নৈ পাৰলৈ খেদি পঠিয়াই।

ADVERTISEMENT

ইয়াৰ পিছতে কটাহকুছিস্থিত কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত বন বিভাগৰ যুক্তি তৰ্ক লগাত প্ৰধান শিক্ষক বলেন স্বৰ্গীয়াৰীক শাৰীৰিক অপদস্থ কৰাৰ অভিযোগ আহে। ইয়াৰ পিছত শিক্ষকজনৰ নিজ সন্তানকো শাৰিৰিক অপদস্থ কৰাৰ অভিযোগ তৰে।

আনহাতে বন বিষয়া গৰাকীয়ে উক্ত শিক্ষক গৰাকীয়ে বন বিষয়াজনক অপদস্থ কৰাৰ পিছতহে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অৱগত কৰাই । ইয়াৰ পিছত উত্তপ্ত জনতাই বন বিভাগক আগুৰি ধৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।পিছত নলবাৰী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Exit mobile version