সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই এই বছৰৰ পৰা অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। অসমৰ জনসাধাৰণক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমত এটা পৰিকল্পিত অর্থনৈতিক আন্দোলনৰ পোষকতা কৰিছিল, বাটৰ সন্ধান দিছিল। পথাৰ আৰু বজাৰ নিয়ন্ত্রণেৰে জাতীয় জীৱনৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ বাৰ্তা দিছিল।
সদৌ অসম ছাত্র সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই দৰং জিলাৰ মঙ্গলদৈৰ সুনন্দ ৰাম ডেকা (এচ.আৰ.ডি) গোষ্ঠীৰ মুকুল ডেকা, ৰাজীৱ ডেকা, অনুপম ডেকাক অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
তেখেতসকলে উদ্যমিতাৰ ক্ষেত্ৰখনত বিশেষ কৃতকার্যতা প্রদর্শনেৰে নিজৰ লগতে আন অনেককো সংস্থাপনৰ বাট দেখুৱাইছে। তেখেতসকলৰ সফলতাৰ আহিয়ে নতুন প্রজন্মক অনুপ্রাণিত কৰিছে।
অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন ১৮ ডিচেম্বৰৰ দিনটোত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রাংগনৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত দিনৰ ২ বজাত এই বঁটা প্ৰদান কৰা হ’ব। সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, ভাঃ সাধাৰণ সম্পাদক চর্জুন হাঞ্চে, অসম উন্নতি সভাৰ সভাপতি ড: সমুজ্জল ভট্টাচার্য, সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে আজি এই সিদ্ধান্ত সদৰী কৰিছে।