Assam State TMC:২৬ৰ বিধানসভা নির্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে প্রার্থী দিব তৃণমূল কংগ্ৰেছে

পঞ্চায়ত- বিটিআৰৰ নির্বাচনটো প্ৰতিদ্বন্দ্বীতা কৰিব টিএম চিয়ে, টিএম চি ৰাজ্যিক মুখ্য সমন্বয়ক দুলু আহমেদৰ ঘোষণা

tmc

২০২৬ৰ অসম বিধানসভা নির্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে প্রার্থী দিব তৃণমূল কংগ্ৰেছে ৷ আনকি দলটোৱে আগন্তুক পঞ্চায়ত আৰু বিটিআৰৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৰাজ্যিক টিএমচিৰ মুখ্য সমন্বয়ক দুলু আহমেদে

এক বিবৃতিত আহমেদে কয়,২৬ৰ অসম বিধানসভা নির্বাচনত সাম্প্রদায়িক বি-জে-পি দলক অসমৰ শাসনৰ পৰা উৎখাত কৰি এখন বি-জে-পি বিৰোধী গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ উদ্দেশ্যৰে সমূহ বিৰোধী দলক কেইখন আসন নিৰ্বাচনৰ বাবে এৰি দিব আৰু নিজে কিমান আসনত যুঁজিব সেই সন্দৰ্ভত কংগ্ৰেছ দলৰ পিএচি (ৰাজনৈতিক পৰিক্ৰমা বিভাগ) সমিটিয়ে দেওবাৰে এক প্রস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছ দলে লোৱা প্ৰস্তাৱ সন্দর্ভত সৰ্বভাৰতীয় তৃণমূল কংগ্রেছ দলে কোনো মন্তব্য এই মূহুর্তত দিব বিছৰা নাই কাৰণ এয়া কংগ্ৰেছ দলৰ আভ্যন্তৰীণ সিদ্ধান্ত।

কিন্তু ভাৰতবৰ্ষত বিজেপিৰ মুখ্য বিৰোধী ৰাজনৈতিক দল হিচাপে প্রায় ২২৫ গৰাকী বিধায়ক আৰু প্ৰায় ৪৬ গৰাকী লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ থকা একমাত্র দল হল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দল। সেয়ে এনে প্ৰেক্ষাপটত টিএম চিয়ে এটা কথা স্পষ্ট কৰি দিয়ে যে ভাৰতবৰ্ষৰ দ্বিতীয় সর্ববৃহৎ বিজেপি বিৰোধী ৰাজনৈতিক দল হিচাপে তৃণমূল কংগ্ৰেছে ২০২৬ ৰ বিধানসভা নির্বাচনত বিজেপি, অগপ, এ আই ইউ ডি এফ আৰু ইউ পিপি এল দলৰ বিধায়ক থকা প্ৰতিটো সমষ্টিত দলে প্রার্থী প্ৰক্ষেপ কৰিব আৰু লগতে দলৰ শক্তিশালী সংগঠন থকা তথা জয়ী হোৱাৰ সম্ভাৱনা থকা লগতে কংগ্ৰেছ দলৰ বিধায়ক থকা বহু কেইটা সমষ্টিত প্রার্থী দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে টিএমচিৰ মুখ্য সমন্বয়ক গৰাকীয়ে ৷

Exit mobile version