NEMSU press release: চৰকাৰে দাবী পূৰণ কৰিবনে ?

বিটিআৰত বাস কৰা সংখ্যালঘুসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ক্ৰীড়া-সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ বাবে এই দাবীসমূহ উত্থাপন কৰিছে বুলি নেমছুৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ।

images 3

দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে ৰাজ্য চৰকাৰৰ ওচৰত নিজৰ সমস্যাসমূহ দাঙি ধৰি ভিন্ন দাবী উত্থাপন কৰি আহিছে । সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ১২ টা দাবীৰে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰে । বিটিআৰত বাস কৰা সংখ্যালঘুসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ক্ৰীড়া-সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ বাবে এই দাবীসমূহ উত্থাপন কৰিছে বুলি নেমছুৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহ সমাধান কৰি সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ন্যায় প্ৰদান কৰিব।

সংগঠনটোৱে উল্লেখ কৰা দাবীকেইটা হৈছে-
➡️নাগৰিকৰ ভূমি, ভাষা আৰু সাংস্কৃতিক অধিকাৰ নিশ্চিত কৰা।
➡️বিটিচি চুক্তিৰ অধীনত ভূমি অধিকাৰ সুৰক্ষিত কৰা
➡️ষষ্ঠ অনুসূচী সংশোধনী বিধেয়ক, 2003 আৰু বিটিআৰত ভূমি অধিকাৰ সুৰক্ষা
➡️বিটিআৰত সংখ্যালঘু উন্নয়ন ব’ৰ্ড (BMDB)গঠন
➡️ওদালগুৰি জিলাৰ নতুন বিটিআৰ সমষ্টিৰ বাবে প্ৰস্তাৱ
➡️অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ কৰক
➡️বিটিআৰত ভূমিহীন সংখ্যালঘুসকলৰ বাবে ভূমি আৰু আৱাস আৱণ্টনৰ বাবে অনুৰোধ
➡️ছহীদৰ পৰিয়ালৰ বাবে বিত্তীয় সহায় আৰু চৰকাৰী চাকৰিৰ বাবে অনুৰোধ
➡️ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে শৈক্ষিক আৰু আৰ্থ-সামাজিক বিকাশৰ ব্যৱস্থা
➡️কৃষকসকলৰ বাবে সুলভ কৃষি সঁজুলি
➡️বিদেশীসকলক বহিস্কাৰ কৰা আৰু সংখ্যালঘুসকলৰ “ডি” চিহ্ন আঁতৰোৱা
➡️বোডোফা চুপাৰ-50 আঁচনিত ধৰ্মীয় সংখ্যালঘু শিক্ষাৰ্থীসকলৰ বাবে অগ্ৰাধিকাৰ

Exit mobile version