Ambani-Adani out of $100 billion club:১০০ বিলিয়ন ডলাৰৰ ক্লাবৰ পৰা বাহিৰ আম্বানী-আদানী

adani ambani

ভাৰতৰ সবাতোকৈ ধনাঢ্য দুই ব্যক্তি ক্রমে মুকেশ আম্বানী আৰু গৌতম আদানী চলিত বৰ্ষৰ ব্ৰমবৰ্গৰ ১০০ বিলিয়ন ডলাৰ (প্রায় ৮.৪৯ লাখ কোটি টকা) ব ক্লাবৰ পৰা বাহিৰ হ’ল। ১০০ বিলিয়ন ডলাৰ বা ততোধিক পৰিমাণৰ সম্পত্তিৰ অধিকাৰী ব্যক্তিক ব্লুমবর্গে সন্মানীয় ১০০ বিলিয়ন ডলাৰৰ ক্লাবত স্থান দিয়ে।

অৱশ্যে ভাৰতে শীর্ষ ২০ ধনাঢ্য ব্যক্তিৰ সম্পত্তি জানুৱাৰী ২০২৪ৰ পৰা বৰ্তমানলৈকে ৬৭.২ বিলিয়ন ডলাৰ বৃদ্ধি পালে। এই সময়ছোৱাত সৰ্বাধিক পৰিমাণৰ সম্পত্তি বৃদ্ধি পালে ভাৰতীয় তথ্য প্রযুক্তি ব্যবসায়ী শিৱ নাদৰৰ। নাদৰৰ ১০.৮ বিলিয়ন ডলাৰৰ সম্পত্তি চলিত বর্ষত বৃদ্ধি পালে। আনহাতে উদ্যোগপতি সাবিত্রী জিন্দালৰ সম্পত্তি এই সময়ছোৱাত ১০.১ বিলিয়ন ডলাৰ বৃদ্ধি পালে।

ব্লুমবৰ্গৰ তথ্য অনুসৰি আম্বানীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯৬.৭ বিলিয়ন ডলাৰ। যোৱা জুলাইত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১২০.৮ বিলিয়ন ডলাৰ। আনহাতে যোৱা জুনত আদানীৰ সম্পত্তিৰ পৰিমাণ আছিল ১২২.৩ বিলিয়ন ডলাৰৰ আৰু বৰ্তমানে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮২.১ বিলিয়ন ডলাৰ।

Exit mobile version