One cup of tea sells for Rs 1 lakh:এক লাখ টকাত বিক্রী একাপ চাহ !

dubai

একাপ চাহৰ মূল্য কিমান হ’ব পৰে? সাধাৰণতে এখন পঞ্চতাৰকা হোটেলত একাপ চাহৰ মূল্য পাঁচ হেজাৰ টকাতকৈ অধিক নহয়। কিন্তু ডুবাইত এখন কেফেত একাপ চাহ বিক্রী হৈছে এক লাখ টকা মূল্যত। এই চাহ পান কৰিবলৈ উক্ত কেফেত ভিৰ কৰিছে যথেষ্ট সংখ্যক গ্রাহকে। ডুবাইৰ এইখন কেফেৰ গৰাকী হৈছে এগৰাকী ভাৰতীয় মূলৰ মহিলা। ডুবাইৰ ব’হু কেফেত বিক্ৰী কৰা লাখটকীয়া চাহে সম্প্রতি সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে।

ADVERTISEMENT

এই কেফেৰ গৰাকীৰ নাম সুচেতা শর্মা। এই কেফেত বিক্ৰী কৰা একাপ চাহৰ মূল্য প্রায় ১.১৪ লাখ টকা। অৱশ্যে একাপ চাহৰ মূল্য ইমান অধিক হোৱাৰ কেতবোৰ কাৰণ আছে। এই চাহ ৰূপৰ কাপত পৰিবেশন কৰা হয়। ইয়াত ২৪ কেৰেটৰ সোণৰ তৰপো আছে। চাহ কাপৰ লগতে এক স্বর্ণ স্মৃতিচিহ্নও গ্রাহকক প্রদান কৰা হয়। ডুবাইৰ কেফেত পৰিবেশন কৰা এই বিশেষ চাহৰ নাম ৰখা হৈছে গ’ল্ড কড়ক টি।

Exit mobile version