Bangladesh High court commutes ULFA leader Paresh Baruah’s death sentence to life imprisonment:পৰেশ বৰুৱাৰ শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈ !

বাংলাদেশৰ ছট্টগ্রামত অস্ত্ৰৰ চোৰাং সৰবৰাহৰ গোচৰত ৰায়দান বাংলাদেশৰ উচ্চ ন্যায়ালয়ৰ , নিৰাপত্তা বাহিনীয়ে জব্দ কৰিছিল ১০ ট্রাকভর্তি বিশাল বিদেশী অস্ত্ৰ ভাণ্ডাৰ

paresh kakaideu 1

Bangladesh High court commutes ULFA leader Paresh Baruah’s death sentence to life imprisonment:

বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ছট্টগ্ৰামত অস্ত্ৰৰ চোৰাং সৰবৰাহৰ গোচৰত বুধবাৰে মৃত্যুদণ্ডৰ শাস্তিৰ হ্ৰাস কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক। এই গোচৰত আনহাতে ৰাষ্ট্ৰখনৰ তদানীন্তন গৃহ ৰাজ্যিক মন্ত্রী লুটফুজ্জামান বাবৰসহ ছজনৰ মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই দিয়া হয়।

এই গোচৰত উক্ত ছয় আচামীৰ শাস্তি হ্রাস কৰি ১০ বছৰ কাৰাদণ্ড দিয়ে আদালতে। অৱশ্যে এই ঘটনাত আন এটা গোচৰত দণ্ডিত হোৱাৰ বাবে তেওঁ সম্প্রতি মুক্তি লাভ নকৰে।

বুধবাৰে বাংলাদেশৰ উচ্চ ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ পাছত ন্যায়াধীশ মুস্তাফা জামান ইছলাম আৰু ন্যায়াধীশ নাছৰিণ আখতাৰৰ বিচাৰপীঠে অভিযুক্ত ১৪জনৰ ভিতৰত বাবৰৰ সমান্তৰালভাৱে ছজনক মুক্তি দিয়া হৈছে। ছজনৰ শাস্তি ১০ বছৰৰ কাৰাদণ্ডলৈ হ্রাস কৰে আদালতে। অৱশ্যে মৃত্যুদণ্ডৰ শান্তিৰ পৰা ৰেহাই নাপালে আলফা নেতাজনে। শাস্তিৰ সলনি তেওঁক যাবজ্জীৱন কাৰাদণ্ড দিয়া হয়। গোচৰৰ ‘ডেথ ৰেফাৰেন্স’ (মৃত্যুদণ্ড অনুমোদন) আৰু আচামীসকলৰ আবেদনৰ ওপৰত শুনানিৰ অন্তত এই ৰায়দান কৰা হয়।

Exit mobile version