Brutal murder in Tongla: শিহৰণকাৰী হত্যাকাণ্ড , টংলাৰ নিৰুদ্দিষ্ট দুই শিশুৰ মৃতদেহ উদ্ধাৰ শস্ত্ৰপাৰাৰ জংঘলত

নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ

tongla murder

Brutal murder in Tongla:

এক শিহৰণকাৰী ঘটনাই জোকাৰি যায় ওদালগুৰিৰ টংলাত ৷ শুক্ৰবাৰে বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দিষ্ট ২ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয় শণিবাৰে ৷ ডিঙি কটা অৱস্থাত দুই শিশু ভাতৃৰ মৃতদেহ উদ্ধাৰ হয় টংলা থানাৰ অন্তৰ্গত শস্ত্ৰ পাৰাৰ নাইকা নদী পাৰৰ হাবিয়নিৰ মাজত ৷ মৃত শিশু দুটি ‘ল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা ৷ দুয়ো টংলা কেন্দ্রীয় জাতীয় বিদ্যালয়ৰ ৫ম, ষষ্ঠমানৰ ছাত্ৰ আছিল ৷

ADVERTISEMENT

ইতিমধ্যে এই এক গাৰ নোম শিয়ৰি উঠা ঘটনাই সমগ্ৰ টংলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাস্থলীত টংলা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি টংলাৰ যোৰপুখুৰী মহেন্দ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা শুক্ৰবাৰে পুৱা বিদ্যালয়লৈ বুলি গৈ থকাৰ পথত নিখোজ হয় । পিছত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত টংলা থানাত দাখিল কৰে এজাহাৰ আৰু সস্তপাৰা দুই শিশু মৃতদেহ উদ্ধাৰ হয়। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ । ঘৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত উদ্ধাৰ হয় শিশু ছাত্ৰ দুটিৰ মৃতদেহ ৷

শিশু দুটিৰ পিতৃ মহেন্দ শৰ্মা পেছাত গাড়ী চালক। শিশু দুটিক কোনে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গ’ল এতিয়াও জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ঘটনা সন্দৰ্ভত টংলা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷ স্থানীয় ৰাইজে হত্যাকাৰীক শীৰ্ঘেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী দাবী কৰে ৷

Exit mobile version