মেষ: কর্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণৰ যোগ। নিবনুৱাৰ কৰ্মসংস্থানৰ আশা আছে। বিদ্যাত ভালেই। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
বৃষ: কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ বাঢ়িব। বিদ্যাত সুফল পাব। ব্যৱসায়ী সকলৰ নতুন সুযোগৰ আশা। শুভ ৰং বগা। শুভ সংখ্যা ৪।
মিথুন: অস্থিৰতা বৰ্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
কর্কট: কর্মক্ষেত্রত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। কর্মস্থানত যোগ্যতা থাকিব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত আজি উপকৃত হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।
সিংহ: উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তান সন্ততিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আর্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা। শুভ সংখ্যা ৯।
কন্যা: মজলীয়া ফল। কর্মত অগ্রগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা, বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ স্থগিত ৰাখক। সুসংবাদ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
তুলা: শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান-সম্মান প্রাপ্তিৰ মৃদু আভাস। ৰাজহুৱা কামতো তদ্রুপ। কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৭।
বৃশ্চিক: পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে। আর্থিকত ব্যয়। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।
ধনু: ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুর্ভাৱনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
মকৰ: পূৰ্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফল স্বৰূপে মনত শান্তি আহিব। মানসিক চিন্তাক নিয়ন্ত্ৰণ কৰক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৫।
কুম্ভ: বন্ধু-বৰ্গৰ পৰা উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা সংস্কৃতি প্ৰেমীৰ অনুকূল। বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰ অভাৱ। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৭।
মীন: সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে। ধন প্ৰাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।