তাচ পাতৰ দৰে খহিল কেইবামহলীয়া অট্টালিকা: দুজনৰ মৃত্যু, আৱদ্ধ কেইবাজনো

শনিবাৰে সন্ধিয়া পঞ্জাৱৰ মোহালি জিলাৰ চোহানা গাঁৱত এটা নৱনিৰ্মিত কেইবামহলীয়া অট্টালিকাটো খহি পৰাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । দেওবাৰলৈ ধ্বংসস্তুপৰ পৰা দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

Capture 13

পঞ্জাবৰ মোহালিত তাচ পাতৰ দৰে খহিল কেইবামহলীয়া অট্টালিকা । শনিবাৰে সন্ধিয়া পঞ্জাৱৰ মোহালি জিলাৰ চোহানা গাঁৱত এটা নৱনিৰ্মিত কেইবামহলীয়া অট্টালিকাটো খহি পৰাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰামতে, অট্টালিকাটোৰ ধ্বংসস্তূপৰ তলত কমেও পাঁচজন লোক আৱদ্ধ হৈ আছে । দেওবাৰলৈ ধ্বংসস্তুপৰ পৰা দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

ঘটনাৰ দিনাই ধ্বংসস্তূপৰ তলৰ পৰা দৃষ্টি বাৰ্মা নামৰ এগৰাকী মহিলাক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ মৃত্যুক আকোঁৱালি লয় । তাৰ পিছতে দেওবাৰে এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । কালি নিশাৰ পৰাই উদ্ধাৰ অভিযান অব্যাহত আছে।

এই ঘটনাৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্মীয়মান অট্টালিকাটো খহি পৰাৰ আঁৰত থকা দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ।

ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিছে । অট্টালিকাটোৰ মালিকৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version