বাসুদেৱ কৰ্মকাৰক বাঘে ভক্ষন কৰাৰ প্ৰতিবাদত উত্তাল শিলঘাট

বাঘৰ আতংক আৰু বাসুদেৱ কৰ্মকাৰক বাঘে ভক্ষন কৰাৰ প্ৰতিবাদত শিলঘাট আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় লোকসকলে । লগতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা চাহ মজদুৰ সংঘ, আটচা, আছাৰ প্ৰতিনিধিসকলে ।

বাঘৰ আক্ৰমণ

বাঘৰ আতংকত ত্ৰাসিত হৈছে কলিয়াবৰ চাহ বাগিচাৰ বৰ-লাইনৰ বাসিন্দাসকল । দেওবাৰে পুৱাৰ ভাগত বাসুদেৱ কৰ্মকাৰ নামৰ ৬০ উৰ্ধৰ লোকজন চিন্ন মুণ্ড উদ্ধাৰ কৰাৰ পিছৰে পৰাই বাঘৰ ভয়ত ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিছে স্থানীয় লোকসকল ।

উল্লেখ্যে যে, শনিবাৰে পুৱা ১০ বজাত পোহনীয়া ছাগলীৰ বাবে পাত আনিবলৈ গৈ ঘৰলৈ উভতি অহা নাছিল বাসুদেৱ নামৰ লোকজন । তাৰ পিছতেই আজি কলিয়াবৰ চাহ বাগিচাৰ ১৩ নম্বৰ বাগানৰ সীমাত স্থানীয় লোকে উদ্ধাৰ কৰে লোকজনৰ চিন্ন মুণ্ড। আনহাতে কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সীমাত উদ্ধাৰ কৰা হয় লোকজনৰ ক্ষত-বিক্ষত মৃতদেহৰ অংশ ।

এই খবৰ পোহৰলৈ অহাৰ পিছতে বাঘৰ আতংক আৰু বাসুদেৱ কৰ্মকাৰক বাঘে ভক্ষন কৰাৰ প্ৰতিবাদত শিলঘাট আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় লোকসকলে । লগতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা চাহ মজদুৰ সংঘ, আটচা, আছাৰ প্ৰতিনিধিসকলে ।

অৱশ্যে এই প্ৰতিবাদী কাৰ্যসূচীৰ উমান লাভ কৰি বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই তেওঁলোকৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাক চাহ শ্ৰমিকসকলে কৰা প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। মন্ত্ৰীগৰাকীয়ে শিলঘাট তহলদাৰী আৰক্ষী চকীত প্ৰতিবাদৰত চাহ শ্ৰমিকসকলক ঢেঁকীয়াপতীয়াৰ আক্ৰমণত নিহত আৰু আহতক উপযুক্ত ক্ষতিপূৰণৰ আশ্বাস দিয়াৰ লগতে বাঘটোক ট্ৰেংকুলাইজ কৰি আঁতৰাই নিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে মহন্তই জনসাধাৰণৰ সুৰক্ষাৰ বাবে অতিৰিক্ত বন সুৰক্ষা বাহিনী নিয়োগ কৰা হ’ব বুলিও অৱগত কৰে। পৰৱৰ্তী সময়ত বাঘৰ আক্ৰমণস্থলীও পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই।

Exit mobile version