২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা শীৰ্ষক প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতে ফাদিল হৈছে উদ্বেগজনক তথ্য । পোহৰলৈ আহিছে শিক্ষা বিভাগৰ ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী । শিক্ষা সেতু App ৰ জৰিয়তে চিনাক্ত কৰিছে ৪ লাখ ভুৱা শিক্ষাৰ্থী । এই ৪ লাখ শিক্ষাৰ্থীৰ নামত বছৰি ইউনিফৰ্ম, মধ্যহ্ন ভোজন,পাঠ্যপুথি আদিৰ নামত ব্যয় হয় প্ৰায় ২০০ কোটি টকা । ইয়াৰ পিছতে সৰৱ হৈ পৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছ ।
সোমবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্ৰেছে এখনি সংবাদমেলৰ আয়োজন কৰে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি তথা মিডিয়া বিভাগৰ অধ্যক্ষ ৰাকেশ চক্ৰৱৰ্তীয়ে সম্বোধন কৰা সংবাদ মেলখনত অসম চৰকাৰৰ শিক্ষা বিভাগক জবাবদিহি কৰে ।
ৰাকেশ চক্ৰৱৰ্তীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা শীৰ্ষক প্ৰতিবেদনত চৰকাৰে নিজেই উদঙাইছে যে ৪ লাখ ভুৱা শিক্ষাৰ্থী তেওঁলোকে শিক্ষা সেতু App ৰ জৰিয়তে চিনাক্ত কৰিছে। এতিয়া প্ৰশ্নটো হল এই ৪ লাখ শিক্ষাৰ্থীৰ নামত বছৰি ইউনিফৰ্ম, মধ্যহ্ন ভোজন,পাঠ্যপুথি আদিৰ নামত প্ৰায় ২০০ কোটি তথা ব্যয় হয়। ভয়ংকৰ কথাটো হল এই ৪ লাখ ভুৱা শিক্ষাৰ্থী কিমান বছৰৰ পৰা আছিল আৰু বছৰি প্ৰায় এই ২০০ কোটি টকা কোনে উদৰস্থ কৰিছে।
কোনোবা বিদ্যালয়ৰ প্ৰধান শিক্ষক বা পৰিচালনা সমিতিয়ে আত্মসাত কৰিছে নে পোনে পোনে দিছপুৰৰ পৰাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু বিষয়াসকলৰ পৃষ্ঠপোষকতাত এই ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে।
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কল্যাণ ভাগৱতীয়ে কয় যে, ৰণৌজ পেগু সাৰে আছে নে শুই আছে । আজিৰ দিনত অসমত কোনো মন্ত্ৰীৰ কোনো বিষয়তে কৰ্তৃত্ব নাই, সকলো মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই হয়। ৰণৌজ পেগুৰ দৰে এগৰাকী শিক্ষিত ব্যক্তিৰ হাতত শিক্ষা বিভাগ থকাৰ পিছতো, এনেদৰে ধ্বংস হৈ যাব বুলি অসমবাসী ৰাইজে কোনোকালেই কল্পনা কৰা নাছিল।
ৰাকেশ চক্ৰৱৰ্তীয়ে লগতে কয় যে, বিগত ৭ বছৰত প্ৰায় ৮০৬৬ খন চৰকাৰী খণ্ডৰ বিদ্যালয় চৰকাৰে বন্ধ কৰি দিছে,৬২৮৯ টা শিক্ষকৰ পদ ৰাজ্যত আজিও খালী হৈ আছে। তাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সফলতাৰ ধাক ঢোল বজাই থাকে। এইখন চৰকাৰ কেৱল বিজ্ঞাপন আৰু ৰং তামাছা কৰাৰ হে চৰকাৰ, সৰ্ব্বসাধাৰণ দুখীয়া মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীৰ প্ৰতি কোনো সহানুভূতি নাই বিজেপি চৰকাৰৰ। সকলো চৰকাৰী খণ্ডৰ বিদ্যালয়, প্ৰতিষ্ঠান ধ্বংস কৰি কেৱল নিজৰ নিজৰ সম্পত্তি বৃদ্ধিত ব্যস্ত মুখ্যমন্ত্ৰী তথা চৰকাৰখন।আজি অসমৰ চৰকাৰী খণ্ডৰ শিক্ষা বিভাগৰ এই পয়ালগা অৱস্থাৰ মাজত উত্তৰ পূৱৰ আটাইতকৈ ব্যয়বহুল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বত্বাধিকাৰী মূখ্যমন্ত্ৰীৰ পত্নী হোৱাটো ৰাজ্যৰ জনতাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় ।
শিক্ষা বিভাগত চলি থকা এই ২০০ কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ তদন্ত যদি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জড়িয়তে কৰা নহয় আৰু সমগ্ৰ তথ্য যদি ৰাজহুৱা কৰা নহয় তেন্তে যুৱ কংগ্ৰেছে ৰাজ্যত ইয়াৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে চক্ৰৱৰ্তীয়ে ।
এই সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ উপাধ্যক্ষ ৰূহুল আমিন আহমেদ,কল্যাণ ভাগৱতী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা,সম্পাদক আব্দুল আৱাল আৰু গুৱাহাটী মহানগৰ জিলা যুৱ কংগ্ৰেছৰ সভানেত্ৰী দেৱী ডেকা কৰ্মকাৰ ।