নৰসিংহ পাত আমাৰ সকলোৰে পৰিচিত । কেৱল অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি সকলো দেশতো নৰসিংহ পাতৰ প্ৰচলন অধিক । দাক্ষিণাত্যৰ ফালে নৰসিংহৰ পাতক কাৰী পতা নামেৰেও জনা যায় । দাক্ষিণাত্যৰ ফালে প্ৰায় সকলো ব্যঞ্জনতে নৰসিংহৰ পাত ব্যৱহাৰ হয় । অসমত ইয়াক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে । নৰসিংহ পাতৰ সৈতে মাছৰ জোল, ছাটনিকে ধৰি ভিন্ন পদ্ধতিৰে সুস্বাদু ব্যঞ্জন খাব পাৰি ।
পিছে আপোনালোকে জানেনে নৰসিংহৰ ঔষধি গুণসমূহ-
১) নৰসিংহৰ পাতৰ আঞ্জা খালে গ্ৰহণী ৰোগ উপশম হয় ।
২) নৰসিংহ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায় ।
৩) নৰসিংহ পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে ।
৪) পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি পোৱা পানী খালে পেটৰ বিষ ভাল হয় ।
৫)পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয় ।
৬) পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয় ।
৭) দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় ।
৮) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায় ।
৯) মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায় ।
১০) কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম-পৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায় ।
১১) নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে ।