Jamuguri H.S School:
জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে শতবৰ্ষ গৰকিছে ৷ ১৯২৫ চনত স্থাপন হোৱা বিদ্যালয়খনৰ নতুন বৰ্ষৰ ৪,৫,৬ আৰু ৭ জানুৱাৰীত বিস্তৃত কাৰ্যসুচীৰে উদযাপন কৰিব শতবৰ্ষ ৷
ADVERTISEMENT
এই উদ্দেশ্যৰে আজি পূৱা বিদ্যালয় প্ৰাঙ্গণত বিদ্যালয়ৰ শতবৰ্ষ শীৰ্ষক এটি গীতৰ শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শিক্ষক প্ৰদ্যুন্ম হাজৰিকাৰ কথা আৰু সুৰৰ লগতে গীতটোত কণ্ঠদান কৰে শিল্পী মানসী বৰকটকী, আৰু পাৰ্থ প্ৰিয়মে ৷ লিখেন্দ্ৰ শৰ্মাই সংগীত ব্যৱস্থাপনা কৰা গীতটোত কথা কণ্ঠ নিগৰাই নিতুমনি বৰাই ৷