ফুড ছেফটি এণ্ড স্টেন্ডার্ড অথ’ৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)ই বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেজিং আৰু পৰিৱেশনৰ বাবে সংবাদপত্ৰৰ ব্যৱহাৰৰ সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে । দেশৰ খাদ্য নিয়ন্ত্রক প্রতিষ্ঠানটোৱে কয় যে একাংশ হোটেল, ৰেস্তোঁৰা বিশেষকৈ পদপথৰ খাদ্য বিক্রেতাই গ্রাহকক ৰুটি, পুৰি, পকৰী, পানীপুৰি, অমলেট আদিৰ দৰে খাদ্য বাতৰি কাকত বা আলোচনীৰ পাতত বিতৰণ কৰে । কিন্তু আপোনালোকে জানেনে এনেদৰে খোৱা খাদ্যই আমাৰ শৰীৰত হিতে বিপৰীতহে হোৱা দেখা যায় ।
এইদৰে খাদ্য পৰিৱেশন আৰু পেকেজিঙৰ কামত ছপা সংবাদপত্র বা আলোচনীৰ পৃষ্ঠা ব্যৱহাৰ কৰাটো মানৱ স্বাস্থ্যৰ কাৰণে অতিকে ক্ষতিকাৰক বুলি তথ্য সদৰী কৰিলে এফএছএছএআয়ে। সংবাদপত্ৰ-আলোচনীত ব্যৱহাৰ কৰা চিয়াহী খাদ্যৰ স’তে মিহলি হ’লে ই স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক ।
ইয়াৰ ফলত পেটৰ বিভিন্ন ৰোগৰ লগতে কৰ্কট আদিৰো শংকা এনে কাৰ্যৰ ফলত বৃদ্ধি পায় বুলি খাদ্য নিয়ন্ত্রক সংস্থাটোৱে তথ্য সদৰী কৰিছে। সংস্থাটোৱে লগতে কয় যে খাদ্য সুৰক্ষা আৰু মানক (পেকেজিং) আইন ২০১৮ অনুসৰি খাদ্য সামগ্ৰীৰ পেকেজিং আৰু পৰিৱেশনৰ বাবে সংবাদপত্ৰ আদিৰ ব্যৱহাৰ নিষিদ্ধ।