Dehar Kuchi:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেহাৰকুছিত আজি চিত্ৰক’লা,শাস্ত্ৰীয় সংগীত আৰু স্পোকেন ইংলিছৰ প্ৰশিক্ষণ দিয়াৰ মানসৰে নটৰাজ ক’লা কৃষ্টি কেন্দ্ৰ নামৰ এটি প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ আজি পুৱা সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজত কেন্দ্ৰটো উদ্বোধন কৰে বিশিষ্ট সংস্কৃত পণ্ডিত কেশৱ চন্দ্ৰ শৰ্মাই |
আনহাতে নটৰাজৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ধৰ্মপ্ৰাণা মহিলা মাইকণ দেৱীয়ে ৷ ইয়াৰ পিচতে কিচমৎ গাৱঁত অৱস্থিত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মন্দিৰ,দেহাৰকুছি সভাগৃহত (ক) আৰু(খ)শাখাত অঞ্চলটোৰ ছাত্ৰছাত্ৰীৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷
প্ৰায় অৰ্ধশতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাত ধৃতিৰাজ লহকৰে প্ৰথম,জিতমন্য ভৰদ্বাজে দ্বিতীয় আৰু ভিভান পৰাশৰে তৃতীয় স্থান পায় আনহাতে খ শাখাত ঋদ্ধিমান গাৰ্গে প্ৰথম,পলাশ ডেকাই দ্বিতীয় আৰু ইলিকা বৈশ্যই তৃতীয় স্থান ৷ প্ৰতিযোগিতাৰ অন্তত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিনয় কৃষ্ণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বটা প্ৰদান কৰে ৷
উল্লেখ্য যে যুৱ সমাজকৰ্মী কমল শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী তথা শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ ইংৰাজী বিষয়ৰ আচাৰ্যা মণি দেৱীৰ ঐকান্তিক প্ৰচেষ্টাত উক্ত কেন্দ্ৰটো মুকলি কৰে ৷ চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে গুনজিৎ ভাগৱতী আৰু কমল শৰ্মাই,আচাৰ্যা মণি দেৱীয়ে আত ধৰা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভা খনত বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্যা কমলা দেৱী,সাংবাদিক নৰেন শৰ্মা,সমাজকৰ্মী মহেশ শৰ্মা,পখীন্দ্ৰ কলিতা,অৱসৰি শিক্ষক সুৰেশ শৰ্মা.শিক্ষক দীনবন্ধু কলিতা,শংকৰ পাটোৱাৰী আদিকৰি কেইবাজনো আমন্ত্ৰিত ব্যক্তিৰ লগতে শুভাকাংক্ষী ৰাইজ অভিভাৱক-অভিভাবিকা ছাত্ৰ-ছাত্ৰী আদি কৰি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷