ৰাজ্যত জেহাদীৰ কূটাঘাতৰ অনুশীলন, আতচবাজী প্ৰস্তুত কৰা সামগ্ৰীৰে নিৰ্মাণ কৰিছে বোমা- হৰমিত সিং

ৰাজ্যত জেহাদীৰ জাল । অসমকে ধৰি কেইবাখনো ৰাজ্যত অব্যাহত আছে বিশেষ টাস্ক ফৰ্চৰ জেহাদী বিৰোধী অভিযান ।

Special DGP Harmeet Singh press meet

অসমকে ধৰি কেইবাখনো ৰাজ্যত অব্যাহত আছে বিশেষ টাস্ক ফৰ্চৰ জেহাদী বিৰোধী অভিযান । মঙলবাৰে কোকৰাঝাৰৰ পৰা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) গ্ৰেপ্তাৰ কৰে দুই সন্দেহযুক্ত জেহাদীক। জেহাদীৰ সন্দেহত কোকৰাঝাৰৰ নামপাৰাৰ জয়পুৰৰ ৩০ বছৰীয়া আবুল জাহিৰ শ্বেখ আৰু ছাব্বিৰ মিৰ্ধা নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে এছটিএফে।

এই ঘটনাৰ পিছতে বুধবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে । অসম আৰক্ষীৰ বিশেষ সঞ্চালকগৰাকীয়ে কয় যে, তেওঁলোকে দেশৰ বিৰুদ্ধে ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল । এই ঘটনাৰ লগত অন্য ৰাজ্যৰো লিংক আছে । দুই ধৃত জেহাদীৰ পৰা কোকৰাঝাৰত দুই ধৃত জেহাদীৰ পৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ আইইডি, আই ই ডি প্ৰস্তুত কৰি থকা আইৰণ কেছেচ, আইৰণৰ টুকুৰা, ছুইছ ব’ৰ্ড, প্লেটছ, ৱায়াৰ আৰু আতচবাজী প্ৰস্তুত কৰা সামগ্ৰী, হস্তনিৰ্মিত ৪ টাকৈ বন্দুক, ৩৪ ৰাউণ্ড গোলা-বাৰুদ আৰু ২৪ ৰাউণ্ড খালী কাৰ্টিজকে ধৰি বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। এই খালী কাৰ্টিজেই প্ৰমাণ কৰে যে, জেহাদীৰ দলটোৱে অনুশীলনো কৰিছিল ।

লগতে আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, এছ টি এফৰ এই অপাৰেশ্যনে সম্ভাব্য এক ভয়ংকৰ কূটাঘাত ব্যৰ্থ কৰিলে । বাংলাদেশ আৰু পাকিস্তানৰ লগত এই জেহাদীৰ সম্পৰ্ক আছে । সাধাৰণ মানুহ যেনে বেপাৰী, খেতিয়কৰ বেশ ধৰি এইসকল জেহাদীয়ে টিঘিল ঘিলাই ফুৰিছে । শ্লীপাৰ ছেল হিচাপে কাম কৰিছিল ধৃত জেহাদীদ্বয়ে । অনাগত দিনত অসম আৰক্ষীয়ে এই সমগ্ৰ নেটৱৰ্ক ফাদিল কৰিব ।

কোনো কাৰণতে দেশৰ ক্ষতি কৰিবলৈ নিদিয়াৰ পণ স্মাৰ্ট আৰক্ষীৰ । এই জেহাদী বিৰোধী অভিযানত অনাগত সময়ত আৰু বহু নাম পোহৰলৈ আহিব বুলি উল্লেখ কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে ।

Exit mobile version