পালেং শাক আমাৰ সকলোৰে পৰিচিত । পালেং শাক শীত কালত হোৱা এবিধ ঔষধি শাক। সাধাৰণতে পালেং শাক সিজাই জোল কৰি, দাইল মাছৰ আঞ্জা বা কেঁচাই চাটনি কৰি খোৱা হয় । পালেং শাকত প্ৰ’টিন, কেলচিয়াম, আইৰণ, ভিটামিন এ, বি আৰু চি থাকে।
পালেং শাকৰ ঔষধি গুণাগুণসমূহ জানেনে –
ADVERTISEMENT
- শ্বাস-প্ৰশ্বাসজনিত ৰোগ তথা কাহ-কফ হৈ থাকিলে পালেং শাকৰ জোল গৰম কৰি খাব লাগে
- এজমা ৰোগীয়ে পালেং শাক খালে সুফল পায়
- পালেং শাক ৰক্তস্ৰাৱ ৰোগীৰ বাবে অতিকৈ উপকাৰী
- জণ্ডিচৰ লগতে প্ৰস্ৰাৱৰ ভিন্ন ৰোগীয়ে পালেং শাকৰ জোল খাব লাগে
- দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ পালেং শাক খাব লাগে
- শৌচ খোলোচা নহ’লে, শৌচ কমকৈ ঘনাই ঘনাই হ’লে পালেং শাকৰ জোল খাব লাগে
- পালেং শাক খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়
- কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পালেং শাক খোৱাটো বৰ প্ৰয়োজনীয়
- নিম্ন ৰক্তচাপৰ ৰোগীয়ে পালেং শাক খাব লাগে
- শিশুৰ পঁয়ালগা ৰোগত পালেং শাক খালে সুফল লাভ কৰে
- পালেং শাক খালে হাড় আৰু দাঁতৰ গঠন সবল হয় আৰু দেহৰ বিষ নাশ হয়
- তেজৰ হিম’গ্লবিন বৃদ্ধি কৰিবলৈ পালেং শাক খোৱাটো জৰুৰী
- সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব অপৰিসীম
- পালেং শাক খালে ছাল নিমজ হয়, কমনীয় গুণ বৃদ্ধি হয় আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা উপশম পায়