Aamsu Pressmeet:অবৈধ জুৱা, তীৰ আৰু আন্দ আৰু বাণিজ্য মেলাৰ বিৰুদ্ধে বৰপেটা জিলা আমছুৰ সংবাদমেল

WhatsApp Image 2024 12 27 at 6.59.35 PM

Aamsu Pressmeet:

কলগাছিয়াত আজি বৰপেটা জিলা আমছুয়ে এক সংবাদমেল যোগে অভিযোগ কৰি কয় য়ে বৰপেটা জিলাৰ চুকে-কোনে অবৈধ জুৱা খেল আৰু তীৰ খেলৰ কাউন্টাৰ গঢ়ি উঠিছে।পূৰ্বত এনে মুকলি জুৱা খেল আৰু তীৰ খেলৰ কাউন্টাৰ হোৱা নাছিল বুলি গুৰুতৰ অভিযোগ আমছুৰ।

বিগত কিছু দিন ধৰি মেলাৰ নামত ব্যাপক জুৱা খেল চলাই থকাৰ অভিযোগ কৰে আমছুয়ে।কোনো সংখ্যালঘু লোক যদি এনে জুৱা খেলত জড়িত আছে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী জনায়।এই ক্ষেত্ৰত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটা জিলাৰ আয়ুক্তক আৰু বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক বিহীত ব্যাৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে মেলাৰ নামত অনুমতি বন্ধ কৰাৰ বাবে দাবী জনায়।

বৰপেটা জিলাৰ অন্তৰ্গত বিশেষকৈ সংখ্যালঘু বসতি পূৰ্ণ অঞ্চসমূহত যোৱা নৱেম্বৰ মাহৰপৰা ধাৰাবাহিক ভাৱে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি দিনে – নিশা উচ্চ- স্বৰে চাউণ্ড ছেট বজাই বিদেশী শিল্পীৰ দ্বাৰা নাচ – গান কৰি থকা পৰিলক্ষিত হৈছে। আমাৰ অসম আৰু অসমীয়াৰ সাংস্কৃতিক জগতখনক বিদেশী শিল্পীৰ দ্বাৰা ম্লান কৰা বুলি আমছুৰ বৰপেটা জিলা সমিতিয়ে অনুভৱ কৰিছে বুলি কয়। লগতে উল্লেখ কৰিব বিছাৰিছো যে , এই সাংস্কৃতিক অনুষ্ঠানৰ নামত উদ্যোক্তা সকলে বিভিন্ন ধৰণৰ কু – সংস্কাৰৰ লগতে জুৱা আদি অসামাজিক কাম – কাজ চলাই থকাৰ মাজতেই সেই সুযোগতে অঞ্চলসমূহত ড্ৰাগচ আসক্তৰ সংখ্যাওঁ বৃদ্ধি পোৱা আমাৰ দৃষ্টিগোচৰ হৈছে।

আনহাতে বৰ্তমান সময়ত স্নাতক বৰ্ষৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষা চলি আছে আৰু অহা ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰপৰা উচ্চমাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হব। উক্ত পৰীক্ষাৰ বাবে ছাত্ৰ – ছাত্ৰী সকলে প্ৰস্তুতি চলাই থকাৰ মাজতেই এই ধৰণৰ অসামাজিক গান – বাজনা, বিদেশী শিল্পীক আমন্ত্ৰণ কৰি সাংস্কৃতিক মঞ্চ মাতাল কৰি ৰখা কাৰ্য্য অতি গৰিহণাযোগ্য লগতে আমি জানিব পৰা মতে যি সকল ব্যক্তিৰ ডি ভোটাৰৰ গোচৰ চলি আছে সেই সকল ব্যক্তিৰ মাজৰ পৰা কিছুমানে আইনী প্ৰক্ৰিয়া মাজেৰে জামিন লাভ কৰিছে।

কিন্তু তাৰ পিছতো অসম আৰক্ষী বাহিনীয়ে জামিন লাভ কৰা ব্যক্তিক কৰায়ক্ত কৰা আমাৰ দৃষ্টি গোচৰ হৈছে। ভৱিষ্যত প্ৰজন্ম আৰু ছাত্ৰ – ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰশাসনে যাতে অনতিপলমে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ নামলৈ চলি থকা জুৱা, বিদেশী শিল্পীক আমন্ত্ৰণ জনোৱা লগতে ডি ভোটাৰৰ ক্ষেত্ৰত জামিন লাভ কৰা ব্যক্তিৰ ওপৰত দৃষ্টি ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। যদি এইবিলাক কাৰ্য্য অতি সোনকালে বন্ধ নহয় তেনেহলে বৰপেটা জিলা আমছুৰ তৰফৰ পৰা গণতান্ত্ৰিক ভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম।

এই আন্দোলনত যদি কিবা অপ্ৰতীকৰ পৰিবেশৰ সৃষ্টি হয়, তেনেহলে প্ৰশাসনে দায়ী থাকিব বুলি সংবাদ মেল যোগে বৰপেটা জিলা আমছুয়ে সদৰি কৰে।

Exit mobile version