Attack On Christians Minoritie Continue in Bangladesh:
বাংলাদেশৰ বন্দৰবন জিলাৰ লামা অঞ্চলত খ্রীষ্টধর্মীক আক্ৰমণৰ লক্ষ্য হিচাপে ল’লে দুষ্কৃতিকাৰীয়ে। প্রকাশিত বাতৰি অনুসৰি, উক্ত অঞ্চলত বসবাস কৰা ত্ৰিপুৰা সম্প্ৰদায়ৰ লোকৰ ১৭ টাকৈ বাসগৃহ জুলাই ছাৰখাৰ কৰিলে দুষ্কৃতিকাৰীয়ে। এই ঘটনা বৰদিনৰ দিনা পুৱা সংঘটিত হৈছিল।
উক্ত গাঁৱত গির্জা নথকা হেতুকে গাঁৱৰ বাসিন্দাই বৰদিনৰ প্ৰাৰ্থনাৰ বাবে প্রতিবেশী গাঁৱলৈ যোৱাৰ সময়তে দুষ্কৃতিকাৰীয়ে সুযোগ গ্রহণ কৰি খ্ৰীষ্টধৰ্মীৰ বাসগৃহ জ্বলাই দিয়ে। গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি যোৱা ১৭ নৱেম্বৰত দুষ্কৃতিকাৰীয়ে তেওঁলোকক গাঁও খালী কৰিবলৈ ভাবুকি দিছিল।
পীড়িত পৰিয়ালে এই বিষয়ত আৰক্ষীক অভিযোগ দিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা দুষ্কৃতিকাৰীয়ে সংখ্যালঘুক আক্রমণ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। সংখ্যালঘু হিন্দুক বাংলাদেশত ব্যাপক নির্যাতন চলোৱাৰ অভিযোগৰ পাছত এইবাৰ বৰদিনৰ দিনাই নিৰ্যাতনৰ বলি হ’ল খ্রীষ্টধর্মী।