Bongaigaon:
বঙাইগাঁও অসম আৰক্ষী সন্মিলন কেন্দ্ৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ভূমিকম্প বিপদাশংকা প্ৰশমনৰ ওপৰত সজাগতা কৰ্মশালা অনুষ্ঠিত হয় । ভুমিকম্পৰ পৰা পৰিত্ৰাণ পাবলৈ কিদৰে অট্টালিকা নিৰ্মাণ কৰিব লাগে তাৰে ওপৰত অনুষ্ঠিত হয় কৰ্মশালাত ।
উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত হৈ ভূমিকম্প বিপদাশংকা প্ৰশমন, এএছডিএমএ-ৰ পৰামৰ্শদাতা অভিযন্তা ৰাজেশ দত্ত, বৰপেটা পলিটেকনিকৰ অধ্যক্ষ নৃপেন মজুমদাৰ,T&CP বঙাইগাঁওৰ সহকাৰী সঞ্চালক পি দাসে অট্টালিকা নিৰ্মাণকাৰী সন্থাৰ সদস্য সকলক ভুমিকম্পৰ পৰা পৰিত্ৰাণ পাবলৈ কিদৰে অট্টালিকা নিৰ্মাণ কৰিব লাগে ইয়াক লৈ সজাগ কৰে ।
উক্ত কৰ্মশালাত জিলাৰ অতিৰিক্ত আয়ুক্ত নিৰ্মালী, বঙাইগাঁও পৌৰসভা কাৰ্যবাহী বিষয়া প্ৰসান্তি প্ৰশান্তি ভট্টাচাৰ্য লগতে বিভাগীয় বিষয়া ও উপস্থিত থাকে ।