Directorate of Tea Tribes and Adivasi Welfare:চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ত হৰলুকি কাণ্ড

সঞ্চালকালয়ৰ লকাৰৰ পৰাই অন্তর্ধান ৯৭ টা স্মার্ট ফোন, ডিজিটেল সাক্ষৰতা আঁচনিৰ বাবে ক্ৰয় কৰা হৈছিল স্মার্ট ফোন, বিভাগীয় তদন্তত আহিল পোহৰলৈ আহিল সমগ্ৰ ঘটনা, বিৰুবাৰী আৰক্ষী চকীত ৰজু হৈছে গোচৰ, এজাহাৰত নাম সাঙোৰ অধীক্ষক অনিল কুমাৰ দেউৰীৰ নাম

tea tribel

Directorate of Tea Tribes and Adivasi Welfare:

অসম চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ ল’কাৰৰ পৰাই উধাও হৈছে চৰকাৰী আঁচনিৰ অধীনৰ বৃহৎ সংখ্যক স্মার্ট ফোন

ADVERTISEMENT

সঞ্চালকালয়ত শেহতীয়াকৈ চলা অডিটত পোহৰলৈ অহা তথ্য অনুসৰি, জমা ৰখা ৯৭ টা স্মার্ট ফোন হৰলুকি হৈছে। ইয়াৰ পাছতে সঞ্চালকালয়ত হাহাকাৰ লাগে আৰু একপ্ৰকাৰ তৰা-নৰা ছিঙাৰ দৰে সঞ্চালকালয়ে মহানগৰীৰ বিৰুবাৰী আৰক্ষী থানাত ঘটনাক লৈ এটা গোচৰ ৰুজু কৰে।

উল্লেখ্য যে ডিজিটেল সাক্ষৰতা আৰু প্ৰসাৰ আঁচনিৰ অধীনৰ আছিল এই স্মার্ট ফোনবোৰ। বাগিচাৰ লাইনৰ চৰ্দাৰৰ মাজত এই স্মার্ট ফোন বিতৰণৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে। ইয়াৰ বাবে মুঠ ২,৫৭০ টা স্মার্ট ফোন ক্রয় কৰা হৈছিল। তাৰে ১৩২ টা স্মার্ট ফোন সঞ্চালকালয়ত জমা হৈছিল। সেইবোৰক দুটা ভাগত ভাগ কৰি কাৰ্যালয়ৰ দুঠাইত ৰখা হৈছিল।

হৰলুকি হোৱা ৯৭ টা স্মার্ট ফোন জমা ৰখা হৈছিল কাৰ্যালয়টোৰ তৃতীয় মহলাত থকা সংগ্রহালয় কোঠাৰ ল’কাৰত। আনহাতে, ৩৫ টা ফোন ৰখা হৈছিল সঞ্চালকৰ কোঠাৰ আলমাৰিত। ল’কাৰ ভাঙি কোনে, কেতিয়া, কিদৰে ইমান বৃহৎ সংখ্যক স্মার্ট ফোন লুটি নিবলৈ সক্ষম হ’ল, তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ।

সঞ্চালক শুভম গোৱালাই দাখিল কৰা গোচৰটো বিৰুবাৰী আৰক্ষী থানাত ৪৬৫/২০২৪ নম্বৰত পঞ্জীয়ন কৰা হৈছে। গোচৰটোত অভিযুক্ত কৰা হৈছে, সঞ্চালকালয়ৰ অধীক্ষক অনির্বাণ কুমাৰ দেউৰীক। সম্প্রতি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও শুংসূত্র ওলোৱা নাই।

Exit mobile version