Eci:২০২৪ নিৰ্বাচনৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য নির্বাচন আয়োগৰ !

লোকসভাৰ বিগত নির্বাচনত ৩২,৯৩,৬১,৯৪৮ জন পুৰুষ, ৩১,২৭,৬৪,২৬৯ মহিলাই দিলে ভোট

eci

Eci:

চলিত বর্ষত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য সদৰী কৰিলে কেন্দ্রীয় নির্বাচন আয়োগে। বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশ খনত দুমাহ ধৰি আয়োজন কৰা লোকসভাৰ উক্ত নির্বাচনত মুঠ পঞ্জীকৃত ভোটদাতাৰ সংখ্যা আছিল ৯৭ কোটি ৯৭ লাখ ৫১ হেজাৰ ৮৪৭ জন।

২০১৯ত দেশত ভোটদাতাৰ সংখ্যা আছিল ৯১ কোটি ১৯ লাখ ৫০ হেজাৰ ৭৩৪ জন। অর্থাৎ ২০১৯ৰ তুলনাত ২০২৪ত দেশত ভোটদাতাৰ সংখ্যা ৭.৪৩ শতাংশ বৃদ্ধি পালে।

ADVERTISEMENT

২০১৯ত লোকসভাৰ নির্বাচনত ৬১.৪ কোটি ভোটদাতাই অংশ লৈছিল আৰু ২০২৪ৰ নিৰ্বাচনত ভোটদান কৰিছিল ৬৪.৬৪ কোটি ভোটদাতাই। ইভিএম আৰু প’ষ্টেল বেলটৰে ৬৪,৬৪,২০,৮৬৯ জনে ভোটদান কৰাৰ বিপৰীতে ইভিএমৰ জৰিয়তে ভোটদান কৰিছিল ৬৪,২১,৩৯,২৭৫ জনে।

প’ষ্টেল বেলটৰে ভোট দিছিল ৪২,৮১,৫৯৪ জনে। ২০২৪ৰ নিৰ্বাচনত দেশত ৩২,৯৩,৬১,৯৪৮ জন পুৰুষ ভোটাৰে আৰু ৩১,২৭,৬৪,২৬৯ গৰাকী মহিলা ভোটাৰে অংশ লৈছিল। আনহাতে তৃতীয় লিংগৰ ১৩,০৫৮ জন ভোটদাতাই নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিছিল।

২০১৯ৰ নিৰ্বাচনত ১০ লাখ ৩৭ হেজাৰ ৮৪৮ ভোটগ্রহণ কেন্দ্ৰ স্থাপনৰ বিপৰীতে ২০২৪ৰ নির্বাচনত দেশত স্থাপন কৰা হৈছিল ১০ লাখ ৫২ হেজাৰ ৬৬৪ টা ভোটগ্রহণ কেন্দ্র।

Exit mobile version